![]()
নিউজ ডেস্কঃ
পুনৰ শিৰোনামত দেশৰ পৰা পলাতক ডন ডাউদ ইব্রাহিম। আকৌ ভাৰতত কৃটাঘাতৰ ষড়যন্ত্ৰ ৰচিছে তেওঁ। তেওঁৰ হিটলিষ্টত আছে দেশৰ আগশাৰীৰ ৰাজনৈতিক নেতাৰ পৰা প্ৰখ্যাত উদ্যোগপতিসকল। ইতিমধ্যে আক্রমণৰ বাবে তৈয়াৰ হৈ গৈছে বিশেষ বাহিনীও। এই বিস্ফোৰক দাবী দেশৰ কেন্দ্রীয় চোৰাংচোৱা বাহিনী এনআইএৰ। লাভ কৰিছে বহু সন্দেহজনক তথ্যও।
উল্লেখ্য, ’৯৩ বিস্ফোৰণৰ মূল চক্ৰান্তকাৰী ডাউদৰ বিৰুদ্ধে চলি আছে একাধিক গোচৰ। সম্প্রতি বিত্তীয় প্ৰতাৰণাৰ গোচৰত ডাউদৰ বিৰুদ্ধে তৎপৰ হৈছে এনফৰ্চমেন্ট ডিৰেক্টৰেট। জানিব পৰা মতে, এই ক্ষেত্ৰত ডাউদৰ ভাতৃ ইকবাল কাছকৰসহ বহুকেইজনক সোধাপোছা কৰিছে কেন্দ্রীয় সংস্থাটোৱে।
তাৰ মাজতেই বহু তথ্য এনআইএৰ হাতলৈ আহিছে। তেওঁলোকৰ দাবী, ডাউদৰ নির্দেশত এটি বাহিনী তৈয়াৰ হৈছে। দেশৰ বিভিন্ন প্রান্তত কূটাঘাতৰ ষড়যন্ত্ৰ ৰচিছে তেওঁলোকে। ৰাজনৈতিক নেতাৰ পৰা বিভিন্ন ব্যৱসায়ী আছে হিটলিষ্টত। সম্পূৰ্ণ ঘটনা জানিবলৈ জোৰ তদন্ত আৰম্ভে কৰিছে এনআইএই।










