![]()
নিউজ ডেস্কঃ
আফগানিস্তানত ব্যৱহৃত মার্কিন সামৰিক সৰঞ্জামৰ সন্ধান পোৱা গ’ল ভাৰত–পাকিস্তানৰ নিয়ন্ত্রণৰেখাৰ সন্ত্ৰাসবাদী ঘাটিত। এই ঘটনাত স্তম্ভিত ভাৰতীয় সেনা। মেজৰ জেনেৰেল অজয় চান্দপুৰিয়াই এইকথা জনাইছে। তেওঁ কয়, ‘নিয়ন্ত্রণৰেখাত নিধন হোৱা সন্ত্ৰাসবাদীৰ পৰা যি অস্ত্র আৰু ডিভাইচ পোৱা গৈছে সেইবোৰ সচৰাচৰ পোৱা নাযায়। মার্কিন সেনা গুচি যোৱাৰ পিছত এইবোৰ আফগানিস্তানত আছিল। আমাৰ অনুমান, কেৱল সন্ত্ৰাসবাদীৰ হাততেই নহয়, এই অস্ত্রবোৰ কাশ্মীৰতো সোমাইছে।’
কাশ্মীৰৰ বর্তমান পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি সেনা বিষয়াজনে কয়, এই মুহূর্তত কাশ্মীৰত ১৫০-২০০ সন্ত্ৰাসবাদী সক্রিয় হৈ আছে। তাৰে ভিতৰত ৪০-৪৫ শতাংশই পাকিস্তানী।










