![]()
নিউজ ডেস্কঃ
কেৰালাৰ ওলিঙ্কাৰা অঞ্চলৰ মানুহে এতিয়া ৰাস্তাত ওলালেই হেলমেট পিন্ধে। খোজকাঢ়ি ফুৰা মানুহৰো মূৰত হেলমেট। অৱশ্যে এয়া ট্ৰেফিক আইন মানি চলাৰ বাবে নহয়। অঞ্চলটোত আৱিৰ্ভাৱ হৈছে দুই ভয়ানক কাউৰীৰ, মানুহক দেখিলেই আক্রমণ কৰে, মূৰত খুঁটিয়ায় একেৰাহে।
কেৰালাৰ পেৰিনথালমান্নাৰ ওলিঙ্কাৰা এলেকাত তিনিমাহমান পূৰ্বে আম্বালাপৰমবিল আব্বাছ নামৰ এজন ব্যক্তিয়ে ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। তাতেই কর্মৰত ৰাজমিস্ত্রীসকলক আক্রমণ কৰিবলৈ আৰম্ভ কৰে কাউৰী দুটিয়ে। কিন্তু বৰ্তমান উক্ত নির্মীয়মাণ ঘৰটোৰ কাষেৰে যিয়েই নাযাওক কিয় আক্ৰমণ কৰে কাউৰী দুটিয়ে।
কাউৰী দুটাৰ এই দৌৰাত্ম্য দেখি এজন নির্মাণকর্মীয়ে সিহঁতৰ বাহে ভাঙি দিয়ে। ইয়াৰ ফলতে হেনো কাউৰী দুটাৰ আক্রোশ আৰু বৃদ্ধি পায়। দৈনিক কোনোবা নহয় কোনোবাক আক্রমণৰ চিকাৰ কৰিছে। কিছুদিন পূৰ্বে ৰাস্তাৰ এটি কুকুৰৰো নাজেহাল অৱস্থা কৰিছে কাউৰী দুটাই।
এনে পৰিস্থিতিত স্থানীয় বাসিন্দাসকলে উক্ত এলেকাৰে হেলমেট পিন্ধিহে যাতায়াত কৰিছে। যাতে কাউৰীৰ খোঁটৰ পৰা নিজৰ মূৰটো বচাব পৰা যায়। উপায়ন্তৰ হৈ অঞ্চলবাসীয়ে স্থানীয় পৌৰসভাক অভিযোগ দিয়াৰ পৰিকল্পনা কৰা বুলি খবৰ।










