![]()
নিউজ ডেস্কঃ
কঁকালৰ তলৰ পৰা এটাই শৰীৰ। কিন্তু তাৰ ওপৰৰ সকলো বেলেগ। দুখন দুখন হাত, দুটা মূৰ, দুখন মুখমণ্ডল৷ মগজুও দুটা। সেই কাৰণেই তেওঁলোকক পৃথক দুজন ভোটাৰ হিচাবে গণ্য কৰা হৈছে। সেই মতে পৃথক পৃথক ভোটাৰ কাৰ্ডো সৃষ্টি কৰা হৈছে।
আনহাতে, এয়াই জীৱনত প্রথম ভোট দিলে তেওঁলোকে। নাম হৈছে সোহনা আৰু মোহনা।
এজনৰ ভোটদান যাতে অন্যজনে দেখা নাপায়, তাৰ বাবে নিৰ্বাচন আয়োগে দিয়ে ছান গ্লাছো। সেয়া পিন্ধিয়েই অমৃতসৰৰ মানৱাল অঞ্চলত দেওবাৰে ভোট দিয়ে এই সংযুক্ত–দেহৰ যমজ ভাতৃহালে। নির্বাচন আয়োগে জনোৱা মতে, বিশেষভাবে সক্ষম ভোটাৰসকলৰ বাবে নজিৰ হৈ ৰ’ব এই সোহনা আৰু মোহনা। অৰ্থাৎ সোহনা সিং আৰু মোহনা সিং।
উল্লেখ্য, ২০২১ চনত ১৮ বছৰত ভৰি দিয়ে তেওঁলোকে। ২০০৩ চনৰ ১৩ জুনত তেওঁলোকৰ জন্ম দিল্লীত। জন্মৰ পিছতেই পিতৃ-মাতৃয়ে এৰি গুচি যায়। তেতিয়া অমৃতসৰৰ এখন অনাথ আশ্রমে তেওঁলোকক তুলি লয়। তাতেই ডাঙৰ-দীঘল হৈ ইঞ্জিনীয়াৰিঙৰ ডিপ্ল’মা লোৱাৰ লগতে দুয়োৱে বৰ্তমান পঞ্জাব ৰাজ্যিক বিদ্যুৎ পৰিষদত চাকৰিও কৰি আছে৷
উল্লেখ্য, দেওবাৰে পঞ্জাব বিধানসভাৰ ১১৭টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ হয়। তাত মুঠ বুথৰ সংখ্যা আছিল ২৪ হাজাৰ ৭৪০টা। ভোটাৰৰ সংখ্যা ২ কোটি ১৪ লাখৰো অধিক। মুঠ প্রার্থীৰ সংখ্যা আছিল ১ হাজাৰ ৩০৪জন। তেওঁলোকৰ ভিতৰত ৯৩ গৰাকী মহিলা আৰু দুজন ৰূপান্তৰকামী।









