![]()
নিউজ ডেস্কঃ
নিষিদ্ধ ঘোষিত ‘শিখ ফৰ জাষ্টিচ’ সংগঠনৰ সৈতে সংযোগ থকাৰ অভিযোগত বিদেশী এটা চেনেল, তাৰ এপ, ৱেবছাইট ব্লক কৰা হ’ল। কেন্দ্রই জনাইছে, ‘পঞ্জাব পলিটিকছ টিভি’ৰ ছচিয়েল মিডিয়া, ৱেবছাইট, এপ নিষিদ্ধ কৰা হৈছে।
চোৰাংচোৱা সূত্র মতে, বিধানসভা নির্বাচন চলি থাকোতে এই টিভি চেনেলটোৱে প্রৰোচিত কৰাৰ চেষ্টা কৰে। হিংসা বিয়পোৱাৰ চেষ্টা কৰে। ইয়াৰ ফলত ভংগ হোৱাৰ সম্ভাৱনা আছিল আইন-শৃঙ্খলা। আৰু এই কামৰ বাবেই চেনেলটোৱে ছচিয়েল মিডিয়াক অস্ত্ৰ কৰি লয়। সেয়ে ততাতৈয়াকৈ এই সিদ্ধান্ত লয় কেন্দ্রই। তথ্য-প্রযুক্তি আইনৰ জৰুৰী ক্ষমতা ব্যৱহাৰ কৰি ব্লক কৰা হৈছে।
কেন্দ্রই এক বিবৃতিত জনাইছে, উক্ত এপ, ৱেবছাইট, ছচিয়েল মিডিয়াৰ বিষয়ে বিচ্ছিন্নতাবাদ, সাম্প্রদায়িক অশান্তি সৃষ্টি কৰিব পাৰে। ভাৰতৰ ঐক্য আৰু সার্বভৌমত্ব, নিৰাপত্তাৰ ক্ষেত্রত ভাবুকি হৈ উঠিব পাৰে। পৰৱর্তী সময়তো এনে ধৰণৰ ঘটনাৰ ওপৰত নজৰ ৰখা হ’ব বুলিও জনোৱা হৈছে।










