![]()
নিউজ ডেস্কঃ
নিশাৰ ভিতৰতে কোটিপতি! কিন্তু কোনো লটাৰীৰ টিকটৰ দ্বাৰা নহয়, লাভ কৰিলে হীৰা। তাকো আকৌ এলাপেচা নহয়, ২৬.১১ কেৰেটৰ। যাৰ বজাৰ মূল্য প্ৰায় ১ কোটি ২০ লাখ টকা। মধ্যপ্রদেশৰ পান্না জিলাৰ এটি খনিত লাভ কৰা হৈছে এই হীৰা।
হীৰা টুকুৰা পাইছে সুশীল শুক্লা নামৰ এজন ব্যক্তিয়ে। তেওঁ পান্না চহৰৰ কিশোৰগঞ্জৰ বাসিন্দা। কৃষ্ণ কল্যাণপুৰা অঞ্চলত এটি ইটাভাতা আছে তেওঁৰ। পাঁচজন অংশীদাৰৰ সৈতে ভাতাটো চলায়। সোমবাৰে সুশীল আৰু তেওঁৰ অংশীদাৰসকলেই কৃষ্ণ কল্যাণপুৰত হীৰা টুকুৰাৰ সন্ধান পায়।
পান্নাৰ হীৰা বিষয়া ৰবি পেটেলে জনোৱা মতে, হীৰা টুকুৰাৰ মূল্য হ’ব পাৰে ১ কোটি ২০ লক্ষ টকা। কেইদিনমানৰ ভিতৰতেই হীৰা টুকুৰা নিলাম কৰা হ’ব। তাৰ পৰা ৰয়েলিটী আৰু কৰো দিয়া হ’ব চৰকাৰক৷
শুক্লাই জনোৱা মতে, বিগত ২০ বছৰ ধৰি হীৰা খননৰ কাম কৰি আহিছে তেওঁ আৰু তেওঁৰ পৰিয়ালে। ইয়াৰ আগতে সৰু-সুৰা হীৰা বহু পাইছে। কিন্তু ইমান বৃহৎ আকাৰৰ এয়াই প্ৰথম। হীৰা টুকুৰা নিলামৰ পিচত টকা ভাগ হ’ব অংশীদাৰকেইজনৰ মাজত। তেওঁৰ ভাগত যি টকা পৰিব, তাৰে নতুনকৈ ব্যৱসায় কৰিব বুলিও জনাইছে শুক্লাই।










