![]()
নিউজ ডেস্কঃ
এটি লেভেল ক্রছিঙৰ সন্মুখত ৰখালে এখন দূৰণিবটীয়া ৰে’ল ৷ তাত পূৰ্বৰে পৰাই লাইনৰ কাষত ৰখি আছিল এজন ব্যক্তি। হাতত এটি পেকেট। ৰে’লখন ৰখোৱাৰ লগে লগেই পেকেটটো চালকৰ হাতত তুলি দিয়া দেখা গ’ল ব্যক্তিজনক। মাত্র কেইটামান ছেকেণ্ড, তাৰ পিছতেই তাৰ পৰা ৰাওনা হয় ৰে’লখন। ঘটনাটি ৰাজস্থাৰ অলৱাৰৰ।
জানিব পৰা মতে, চালকজনে কচুৰি কিনাৰ বাবে ৰখাইছিল ৰে’লখন। এই ঘটনাত ইতিমধ্যে ৰে’লখনৰ চালক, সহ-চালক, দুই গেটমেনক নিলম্বন কৰা হৈছে। ভিডিওটি প্রকাশ্যে অহাৰ লগে লগেই জয়পুৰৰ ডিভিজনেল ৰে’লৱে মেনেজাৰে তদন্তৰ নির্দেশ দিয়ে।










