![]()
নিউজ ডেস্কঃ
আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী লৈ লখিমপুৰৰ খেৰিৰ ভোটকেন্দ্ৰলৈ গৈ ভোট দিলে বিতর্কিত কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী অজয় মিশ্র টেনিয়ে। তাকে লৈ এতিয়া সৃষ্টি হৈছে তুমুল বিতৰ্কৰ।
উল্লেখ্য, টেনিৰ পুত্র আশিস বিগত ৩ অক্টোবৰত লখিমপুৰৰ খেৰিত কৃষকৰ গাৰ ওপৰেদি গাড়ী চলোৱা গোচৰৰ মূল অভিযুক্ত। চাৰি মাহ জে’লত বন্দী হৈ থকাৰ পিছত যোৱা ১০ ফেব্রুৱাৰীত উত্তৰ প্রদেশত বিধানসভা নিৰ্বাচনৰ প্রথম পৰ্যায়ৰ নির্বাচনৰ দিনাই এলাহাবাদ হাইকোর্টৰ লক্ষ্ণৌ বিচাৰপীঠে তেওঁৰ জামিনে আবেদন মঞ্জুৰ কৰে। বিৰোধীৰ অভিযোগ, ব্রাহ্মণ ভোটৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্রভাৱশালী নেতা টেনিৰ পুত্ৰক জামিনত মুক্তি দিয়াৰ ব্যৱস্থা কৰিছে যোগী আদিত্যনাথৰ চৰকাৰে।
আনহাতে, বুধবাৰে যেনেদৰে পুৱা ১১.৩০ বজাত টেনিয়ে নিৰাপত্তা বাহিনী আৰু কনভয় লৈ বনবীৰপুৰ এলেকাৰ ভোটকেন্দ্ৰত ভোট দিবলৈ গ’ল, তাক লৈও অভিযোগ উঠিছে। মন্ত্রীগৰাকীক প্রশ্ন সুধিবলৈ আগবাঢ়ি যোৱা সাংবাদিককক নিৰাপত্তাৰক্ষীয়ে গঁতিওৱাৰো অভিযোগ উঠিছে। অৱশ্যে পুত্ৰ সন্দৰ্ভত সাংবাদিকে প্রশ্ন কৰাত মন্ত্রীগৰাকীয়ে কোনো উত্তৰ নিদি গুচি যায়।











