![]()
নিউজ ডেস্কঃ
আগে আগে এম্বুলেন্স৷ তাক অনুসৰণ কৰি পিছে পিছে দৌৰিছে এটি ঘোঁৰা। সোমবাৰে এনে এটি বিৰল দৃশ্যৰ সাক্ষী হৈ ৰ’ল ৰাজস্থানৰ উদয়পুৰ। যিটো এতিয়া নেট মাধ্যমত ভাইৰেল।
পথত আহত অৱস্থাত এটি ঘোঁৰা পৰি থকা দেখে উদয়পুৰ চহৰৰ এগৰাকী বাসিন্দাই। তেওঁ পশু উদ্ধাৰকাৰী সংস্থাক খবৰ দিয়ে। উক্ত খবৰ লাভ কৰি এম্বুলেন্স লৈ উপস্থিত হয় সংস্থাটোৰা স্বেচ্ছাসেৱকসকল। ইয়াৰ পিছত আহত ঘোঁৰাটোক উদ্ধাৰ কৰি এম্বুলেন্সত হস্পিটেললৈ লৈ যায়।
আশ্চর্যজনকভাবে এম্বুলেন্সখনৰ চালকজনে দেখে যে গাড়াৰ পিছে পিছে দৌৰি আছে এটি ঘোঁৰা। এনেদৰে প্ৰায় ৮ কিলোমিটাৰ এম্বুলেন্সখনক অনুসৰণ কৰি পশু চিকিৎসালয়ত উপস্থিত হয় ঘোঁৰাটো।
https://www.facebook.com/vishwanath.saini.31/videos/629651874810222
জানিব পৰা মতে, আহত ঘোঁৰাটো দ্বিতীয় ঘোঁৰাটোৰ সঙ্গী। আহত সঙ্গীক এৰি যাব বিচৰা নাই। আৰু সেই কাৰণেই এম্বুলেন্সৰ পিছে পিছে দৌৰি হস্পিটেলত উপস্থিত হয়। আহত ঘোঁৰাটোৰ চিকিৎসা চলি আছে। সঙ্গীটোও আছে হস্পিটেল চৌহদতেই।
ভিডিওটি ভাইৰেল হোৱাৰ লগে লগেই নেটিজেনসকলে এই ঘটনাক ‘বন্ধুত্ব’ৰ এক সুন্দৰ নিদর্শন বুলি উল্লেখ কৰিছে।











