![]()
নিউজ ডেস্কঃ
বিজয় মালিয়া, নীৰৱ মোদী আৰু মেহুল চোক্সী পলাই গৈ বিদেশত আশ্রয় ল’লেও তেওঁলোকৰ পৰা ৰাষ্ট্ৰীয়কৃত বেংকবোৰে প্ৰায় ১৮ হাজাৰ কোটি টকা উদ্ধাৰ কৰিছে। বুধবাৰে ছুপ্রিম কোর্টত এই কথা জনাইছে নৰেন্দ্র মোদী চৰকাৰে। কেন্দ্রই জনাইছে, বেঙ্কৰ বকেয়া পৰিশোধ নকৰা আৰু প্রতাৰণাৰ দোষত অভিযুক্ত তিনি পলাতক উদ্যোগপতিৰ সম্পত্তি নিলাম কৰি এই ধন উদ্ধাৰ হৈছে।

উল্লেখ্য, দেশ এৰাৰ পিছত চৰকাৰী এটি সূত্রই জনাইছিল, তেওঁৰ পৰা প্ৰায় ৯ হাজাৰ কোটি টকা বেঙ্কবোৰে পাবলগা আছে। পঞ্জাব নেচনেল বেঙ্কত নীৰৱ-মেহুলৰ প্রতাৰণাৰ পৰিমাণ প্রায় ১৪ হাজাৰ কোটি টকা।











