![]()
নিউজ ডেস্কঃ
ইউক্রেইন-ৰাছিয়াৰ মাজত চলি আছে তীব্ৰ সংঘাত। ইয়াৰ মাজতেই জৰুৰী অৱস্থাৰ ঘোষণা কৰিবলৈ আগবাঢ়িছে ইউক্রেইন। নিৰাপত্তা কাউন্সিলৰ তৰফৰ পৰা সোনকালে জৰুৰী অৱস্থা জাৰি কৰাৰ বাবে আহ্বান জনোৱা হৈছে। এক বৈঠকৰ পিছত পৰিষদৰ সচিব ওলেক্সি ডেনিলভে কয়, ডনেৎস্ক আৰু লুহানস্কৰ বাদে সকলো অঞ্চলত ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা জাৰি কৰা হ’ব। উক্ত অঞ্চলত ইউক্রেইনৰ বাহিনীয়ে ইতিমধ্যেই ৰাছিয়া সমর্থিত বিদ্রোহীসকলৰ সৈতে যুদ্ধ কৰিছে। তেওঁ লগতে জনায়, বুধবাৰে ইউক্রেইনৰ সংসদত এখন প্রতিবেদন জমা দিব তেওঁ। আশা কৰা হৈছে অধিক অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা অনুমোদন কৰা হ’ব। সূত্রৰ খবৰ মতে, সম্প্ৰতি আগন্তুক ৩০ দিনলৈ এই অৱস্থা চলিব পাৰে।
পৰিবহণৰ সংখ্যা সীমিত কৰাৰ পৰা আৰম্ভ কৰি প্রতিটো পৰিবহণ ব্যৱস্থা পৰীক্ষা কৰি চোৱা, জনসাধাৰণৰ আইকার্ড পৰীক্ষা কৰাসহ একাধিক সতর্কতামূলক ব্যৱস্থা লোৱা হ’ব বুলি জনাইছে ডেনিলভে।
আনহাতে, ইউক্রেইনৰ সংসদত প্রস্তাৱ উঠিছিল যে নাগৰিকসকলক আগ্নেয়াস্ত্র বহনৰ অনুমতি দিয়া হওক। ইতিমধ্যেই এই প্রস্তাৱৰ পক্ষত ভোট দিছে সাংসদসকলে।











