ASSAM TIMES POST
গুৱাহাটীঃ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জয়ন্তী বুধবাৰে সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হয়। এইবাৰ গান্ধী জয়ন্তী উপলক্ষে যিটো কথাই ৰজাঘৰ-প্ৰজাঘৰ সকলোতে প্ৰভাৱ বিস্তাৰ কৰিছে, সেইটো হ’ল একক ব্যৱহাৰ্য প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা। কেন্দ্ৰীয় চৰকাৰে এবাৰ ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ বিপৰীতে প্ৰথম পৰ্যায়ত সজাগতা সৃষ্টিকে লক্ষ্য হিচাপে বাছি লৈছে। ইয়াৰ প্ৰতি অসম চৰকাৰেও যোৱা দিনকেইটাত সঁহাৰি জনোৱা পৰিলক্ষিত হয়।
অসম চৰকাৰে সোমবাৰে জনতা ভৱন চৌহদত এবাৰ ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত অৱস্থিত চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান-শিক্ষানুষ্ঠানৰ সন্মুখত আদৰ্শ দাঙি ধৰে। সচিবালয় প্ৰশাসন বিভাগে এই সম্পৰ্কত জাৰি কৰা নিৰ্দেশনাটোত স্পষ্টভাৱে কৈছে যে জনতা ভৱন প্ৰাংগনৰপৰা ৫০ মাইক্ৰণতকৈ কম সকলো প্লাষ্টিকৰ কেৰী বেগ আৰু পেকেজিং সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।

ইয়াৰ এটা দিন পিছতে, ১ অক্টোবৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰা গুৱাহাটীৰ এটা অনুষ্ঠানত প্লাষ্টিকৰ বটল আৰু গিলাছৰ বিপৰীতে দেখা পোৱা যায় কেটলী আৰু মাটিৰ পাত্ৰ। সেয়েহে এইবাৰ গান্ধী জয়ন্তীয়ে যে এখন প্লাষ্টিক মুক্ত ভাৰতৰ সংকল্প গ্ৰহণ কৰিবলৈ দেশবাসীক উদ্বুদ্ধ কৰি, তাৰ এক পৰিবেশ সৃষ্টি কৰিছে।
ইফালে অসমৰ ৰাজ ভৱনটো এবাৰ ব্যৱহৃত প্লাষ্টিক নিষিদ্ধকৰণৰ যো-জা চলিছে।
গান্ধী জয়ন্তী উপলক্ষে, বুধবাৰে পুৱাৰ ভাগত গুৱাহাটীৰ শৰণীয়া পাহাৰত অৱস্থিত গান্ধী মণ্ডপত গান্ধী উদ্যান মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ উদ্যোগত গঢ়ি তোলা এই উদ্যানখনিৰ উদ্বোধনী অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, কামৰূপ (মহানগৰ)জিলাৰ উপায়ুক্ত বিশ্বজিত পেগু আদি উপস্থিত থাকে।
গান্ধী জয়ন্তী উপলক্ষেই ৰাজ্যৰ শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টিয়ে ‘গান্ধী সংকল্প যাত্ৰা’ শীৰ্ষক পদযাত্ৰাৰ কাৰ্যসূচী হাতত লৈছে। য’ত নেকি মুখ্যমন্ত্ৰী তথা প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ভাগ লয়।
অন্যহাতেদি, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ উদ্যোগত গান্ধী জয়ন্তী উপলক্ষে গুৱাহাটীৰ এবিচিস্থিত ৰাজীৱ ভৱনৰপৰা উলুবাৰীস্থিত কস্তুৰবা আশ্ৰমলৈকে পদযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইয়াত এপিচিচিৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰীদ্বয় তৰুণ গগৈ আৰু ডাঃ ভূমিধৰ বৰ্মন তথা দলৰ জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰে।













