![]()
ষ্টাফ ৰিপৰ্টাৰ
ডিফুঃ নৱ প্ৰজন্মক কোঙা কৰি পেলোৱা নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো থমকি ৰোৱা নাই ড্ৰাগছ মাফিয়া সকল ৷ নিতৌ ন-ন কৌশল অৱলম্বন কৰি নিচাযুক্ত ড্ৰাগছ সৰবৰাহৰ অপচেষ্টা কৰি আহিছে ৷
বিশেষকৈ কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত নিতৌ আৰক্ষীয়ে ব্যৰ্থ কৰি আহিছে মাফিয়া সকলৰ এনে অপচেষ্টা ৷ শুকুৰবাৰে সন্ধিয়া খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰাই উপ পৰিদৰ্শৰ ৰাজিৱ বৰাৰ সহযোগত আৰু সংগীয় ষ্টাফ লগতলৈ এক গোপন খবৰৰ ভিত্তিত খটখটী থানা এলেকাৰ বাসবাৰীত এজন লোকৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমানৰ সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰে ৷
লোকজনৰ শোৱা কোঠাত থকা এখন গাৰোৰ ভিতৰত সুকুৱাই ৰখা অৱস্থাত ৮ টা প্লাষ্টিক চাবোনৰ বাকচত মুঠ ১০৮’৩৪ গ্ৰাম সন্দেহ়ুক্ত হেৰ’উন উদ্ধাৰ কৰে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে বাসবাৰী টিলাবস্তিৰ নাছিৰ উদ্দিনৰ ৰুত্ৰ দিলুৱাৰ হুছেইনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷
দিলুৱাৰ হুছেইনৰ পৰা আৰক্ষীয়ে তিনিটা মোবাইল হেণ্ডছেট আৰু নগদ ১১ হাজাৰ টকাও উদ্ধাৰ কৰে ৷ উদ্ধাৰ হোৱা ড্ৰাগছ আৰু মোবাইল ফোন আৰু নগদ ধন খিনি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত জব্দ কৰা হয় ৷ এই সন্দৰ্ভত খটখটী আৰক্ষী থানাত এনডিপিএছ আইনৰ ধাৰত ২৪/২০২২ নম্বৰত এক গোছৰ ৰুজো দিয়া হৈছে বুলি জানিব পৰা গৈছে ৷













