![]()
নিউজ ডেস্কঃ
কপিল দেৱৰ ৰেকর্ড ভংগ কৰি নতুন কীর্তি গঢ়িলে ৰবীন্দ্র জাদেজাই। মোহালিত ভাৰত-শ্রীলঙ্কা টেষ্টৰ দ্বিতীয় দিনা ১৭৫ ৰানত অপৰাজিত থাকে ভাৰতীয় অলৰাউণ্ডাৰজন। টেষ্টত এইটোৱেই জাদ্দুৰ সর্বোচ্চ স্ক’ৰ। ১৯৮৬ চনত কানপুৰত শ্রীলঙ্কাৰ বিৰুদ্ধে সাত নম্বৰত বেটিং কৰিবলৈ নামি ১৬৩ ৰান কৰিছিল কপিল দেৱে। বেটিং অর্ডাৰত এই স্থানত বা তলৰ আন স্থানতো ইমান দিনে কপিল দেৱৰ ৰানেই সর্বোচ্চ আছিল। মোহালিত আজি উক্ত ৰেকর্ড ভংগ কৰে জাদেজাই। ২০০৮ চনত জাদেজাক ভাৰতৰ ‘ৰকষ্টাৰ’ নাম দিছিল শ্বেন ৱাৰ্নে। শনিবাৰে জাদেজাৰ এই ইনিংছ আক্ষৰিক অর্থতে কিংবদন্তি স্পিনাৰজনৰ প্ৰতি শ্রদ্ধার্ঘ্য।













