![]()
নিউজ ডেস্কঃ
এদিন পূৰ্বে জনোৱা হৈছিল শেন ৱার্নৰ মৃত্যুত কোনো ৰহস্য নাই। পোষ্টমৰ্টেমৰ ৰিপোর্টত হৃদৰোগত আক্রান্ত হৈ মৃত্যুৰ কথা কোৱা হৈছে। কিন্তু কিংবদন্তি স্পিনাৰজনৰ মৃত্যুৰ চাৰিদিন পিছত চাঞ্চল্যকৰ তথ্য আহিছে আৰক্ষীৰ হাতলৈ। কো ছামুইৰ যিখন ৰিজর্টত ৱার্ন আৰু বন্ধুসকলে ছুটি কটাইছিল, সেই প্রাইভেট ভিলালৈ ৱার্নৰ মৃত্যুৰ ঠিক দুঘণ্টা পূৰ্বে চাৰিগৰাকী মহিলা আহিছিল।

চিচি টিভি ফুটেজৰ পৰা সেয়া জানিব পৰা গৈছে। ছবিখনত মহিলাকেইগৰাকীক কো ছামুইৰ ছামুজানা লাক্সাৰী ৰিজর্টত প্রবেশ কৰা দেখা যায়। প্রাক্তন অষ্ট্ৰেলিয়ান স্পিনাৰ আৰু তেওঁৰ বন্ধুসকলক ট্রিটমেন্ট দিবলৈ আহিছিল চাৰিগৰাকী মহিলা। স্থানীয় আৰক্ষী সূত্র মতে, মৃত্যুৰ পূৰ্বে দুগৰাকী মহিলাৰ পৰা মাছাজ লৈছিল কিংবদন্তি ক্ৰিকেটাৰগৰাকীয়ে। তাৰ দুঘণ্টা পিছত মৃত্যু হয় ৱার্নৰ। বিয়লি ৫.১৫ বজাত নিজৰ ৰুমত অচেতন অৱস্থাত তেওঁক পোৱা যায়।

ৰিজর্টৰ চিচি টিভি ফুটেজত দুপৰীয়া ১.৫৩ বজাত চাৰিগৰাকী থাই মহিলাক ভিলাত প্রবেশ কৰা দেখা যায়। এক ঘণ্টাৰ অলপ বেছি সময় কটোৱাৰ পিছত দুপৰীয়া ২.৫৮ বজাত তেওঁলোক ভিলাৰ পৰা ওলাই যোৱা দেখা যায়। জানিব পৰা মতে, এই চাৰিগৰাকীৰ ভিতৰত দুগৰাকী ৱার্নৰ কেবিনত প্ৰৱেশ কৰিছিল।
তেওঁলোক গুচি যোৱাৰ ২ ঘণ্টা ১৭ মিনিট পিছত শেন ৱার্নৰ মৃত্যু হয়। অর্থাৎ মহিলা দুগৰাকীয়ে অন্তিমবাৰ ৱার্নক জীবিত অৱস্থাত দেখিছিল। এই তথ্যই অজি স্পিনাৰগৰাকীৰ মৃত্যু ৰহস্যত নতুন মোৰ দিছে। মহিলা চাৰিগৰাকীক সোধাপোছা কৰা হ’ব।













