ASSAM TIMES POST
ডিফুঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ দেশৰ লগত সংগতি ৰাখি ডিফু পৌৰ নিগমৰ উদ্যোগত ‘গণ শ্ৰমদান’ স্বচ্ছতাহী সেৱাৰ অধীনত আজি পুৱা ডিফু চহৰক পৰিষ্কাৰ আৰু প্লাষ্টিক মুক্ত চহৰ ৰূপে গঢ়ি তুলিবলৈ স্বচ্ছ অভিযান চলোৱাৰ লগতে শোভাযাত্ৰা বাহিৰ কৰে৷

কাৰ্বি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে কেইবাগৰাকী ইএম এমএচি আৰু ডিফু পৌৰ নিগমৰ অধ্যক্ষ ৰাহ ক্ৰ’ৰ লগতে ৱাৰ্ড কমিচনাৰ সকল লগতে বিজেপি কৰ্ম-কৰ্তা সকলেও স্বচ্ছ অভিযান আৰু শোভাযাত্ৰাত অংশ গ্ৰহণ কৰি ডিফু চহৰৰ গান্ধী পাৰ্কত সমবেত হৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলী আৰু মাল্যাৰ্পণেৰে গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷

মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজিৰ কাৰ্যসূচীৰ অন্তত সাংবাদিকৰ আগত কয় যে, চৰকাৰী আঁচনিৰ অধীনত হিতাধিকাৰীৰ মাজত বিনামূলীয়া আবাস দিয়াৰ লগতে আৰ্থিক ভাবে দুৰ্বল লেক সকলৰ বাবে ১৮ পাতকৈ বিনামূলীয়া টিন বিতৰণ কৰা হ’ব৷ বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ মাজত বিনামূলীয়া কিতাপ-পত্ৰ, ইউনিফৰ্ম, খেলৰ সামগ্ৰী আদিও ৰাজহুৱা বাবে বিতৰণ কৰা হ’ব বুলি জানিবলৈ দিয়াৰ লগতে আত্ম সহায়ক গোট সকলৰ মাজত বিনা মূলীয়া চিলাই মেচিনো বিতৰণ কৰা হ’ব বুলি কয়৷

ইয়াৰোপৰি মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে কাৰবি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠী, সম্প্ৰদায়লৈ শুভ কামনা জ্ঞাপন কৰাৰ লগতে সকলোকে শান্তি-সম্প্রীতি বজাই ৰাখি কাৰ্বি আংলঙত উন্নয়ণৰ নতুন দিগন্ত সূচনা কৰিবলৈ আহ্বান জনায়৷ আনহাতে ডিফু চহৰত বিজেপি, কংগ্ৰেছকে আজি কৰি দল- সংগঠনৰ কাৰ্যালয়, আৰু জিলা প্ৰশাসনৰ লগতে বিভিন্ন কাৰ্যালয় সমূহতো জাতিৰ পিতা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়৷












