![]()
নিউজ ডেস্কঃ
বিশ্বকাপত সর্বোচ্চ উইকেটৰ গৰাকী হ’ল ঝুলন গোস্বামী। ৪০টা উইকেট দখল কৰি তেওঁ এই ৰেকৰ্ড স্থাপন কৰে।
ৱেষ্ট ইণ্ডিজৰ ইনিংছৰ ৩৬ নম্বৰ অ’ভাৰত আনিছা মহম্মদৰ কেচ মিড অনত থকা পৰিৱর্ত ফিল্ডাৰ তানিয়া ভাটিয়াই আয়ত্ত কৰাৰ লগে লগেই সৰ্বাধিক উইকেটৰ গৰাকী হয় ঝুলন। বিশ্বকাপত ৩১খন মেচত ৪০টা উইকেট দখল কৰে তেওঁ।
বিশ্বকাপত সৰ্বাধিক উইকেট দখলকাৰীৰ তালিকাত দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ লিন ফুলষ্টন। ৩৯টা উইকেট তেওঁৰ নামত। তৃতীয় স্থানত আছে ইংলেণ্ডৰ কেৰল হজছ (৩৭)। চতুর্থ আৰু পঞ্চম স্থানত আছে যথাক্রমে ইংলেণ্ডৰ ক্লেয়াৰ টেইলৰ (৩৬) আৰু অষ্ট্ৰেলিয়াৰ কেথিৰন ফিৎজপেট্রিক (৩৩)।













