![]()
নিউজ ডেস্কঃ
কিছুদিন পূৰ্বে যিখন ঘৰত চেহনাইৰ সুৰ বাজিছিল, তাতেই এতিয়া বিষাদৰ গান! বিয়াৰ পিছত মধুচন্দ্রিকালৈ গৈ প্রাণ হেৰুৱালে পশ্চিমবংগৰ আগৰপাড়াৰ জয়িতা দাসে। যোৱা ২০ ফেব্রুৱাৰীত দমদম পাইকপাড়াৰ বাসিন্দা ৰাহুল পোদ্দাৰৰ সৈতে বিয়াত বহিছিল জয়িতা। ৪ মার্চত হিমাচললৈ মধুচন্দ্রিকালে যায় নৱ-দম্পতি। তাতেই পাহাৰৰ খাদত পৰি মৃত্যু হয় জয়িতাৰ।
জয়িতাৰ স্বামী ৰাহুলে জনোৱা মতে, কল্পাত পাহাৰৰ খাদৰ কাষত ছেলফি উঠিবলৈ গৈছিল তেওঁৰ নৱবিবাহিতা পত্নী। তাতেই ফটো তোলাৰ সময়ত ভৰি পিছলি পৰি যায় জয়িতা। হিমাচল আৰক্ষীৰ সূত্র মতে, খাদটোৰ ৫০০ মিটাৰ তলত পৰি যায় জয়িতা। তাৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। কল্পাৰ উক্ত ঠাইখিনি দুর্ঘটনাপ্রবণ এলেকা বুলিও আৰক্ষীয়ে জনাইছে। সেই কথা নাজানিয়েই উক্ত স্থানলৈ দম্পতিহাল গৈছিল বুলি আৰক্ষীৰ অনুমান। দুর্ঘটনাৰ সময়ত জয়িতাৰ কাষতেই আছিল তেওঁৰ স্বামী।
ইফালে জয়িতাৰ মৃত্যুৰ তদন্তৰ দাবী জনাইছে তেওঁৰ পৰিয়ালে। অভিযোগৰ আঙুলি উঠিছে তেওঁৰ স্বামীৰ দিশেও। ইতিমধ্যে আটক কৰা হৈছে তেওঁক।












