![]()
নগাঁৱৰ পৰা জিতেন বৰকটকী
নগাঁৱত আকৌ এনকাউণ্টাৰ। নগাঁৱৰ জুৰীয়া থানাৰ অন্তৰ্গত টেলিয়া বেবেজীয়া পথাৰত সংঘটিত হয় এনকাউণ্টাৰৰ ঘটনা।
আৰক্ষীয়ে নুৰজামাল নামৰ এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত ড্ৰাগছৰ বিৰুদ্ধে চলাইছিল অভিযান। ধৃত ড্ৰাগছ মাফিয়াটোৱে হাতত দা লৈ খেদি আহিছিল অভিযান চলোৱা আৰক্ষীৰ দলটোলৈ। বাধ্য হৈ গুলিছালনা কৰিব বাধ্য হয় আৰক্ষী ।
সোঁহাতত গুলি লগাৰ ফলত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ড্ৰাগছ মাফিয়া নুৰজামাল। কুখ্যাত ড্ৰাগছ ব্যৱসায়ী নুৰজামালৰ পৰা ড্ৰাগছ ক্ৰয় কৰি খাওঁতে এজন যুৱক মৃত্যুমুখত পৰা বুলি জানিব দিয়ে আৰক্ষীয়ে।
ধৃত ড্ৰাগছ মাফিয়াটোৰ পৰা জব্দ কৰা হয় বহু পৰিমাণৰ হেৰ’ইণ আৰু নগদ ধন। জুৰিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অদিথ বড়ো আৰু নগাওঁ হয়বৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী তৰঙ্গ পাটোৱাৰীৰ নেতৃত্বত চলিছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান ।












