![]()
নিউজ ডেস্কঃ
দুটাকৈ বিস্ফোৰণত বিধ্বস্ত হ’ল ইউক্রেইন। কিভৰ জনবসতিপূর্ণ এলেকাৰ এটি ঘৰত ৰুছ ক্ষেপণাস্ত্রৰ আক্ৰমণৰ ফলত অতিকমেও দুজন নিহত হৈছে আৰু তিনিজনক গুৰুতৰ অৱস্থাত হস্পিটেলত ভর্তি কৰোৱা হৈছে। লগতে ঘটনাস্থলীৰ পৰা ১৫ জনক উদ্ধাৰ কৰা হৈছে। অঞ্চলটোৰ পৰা মুঠ ৬৩ জনক অন্য স্থানলৈ স্থানান্তৰ কৰা বুলিও ইউক্রেইনৰ জৰুৰীকালীন সেৱা বিভাগে জনাইছে।
ইয়াৰ উপৰি কিভত ৰুছ বিমান আক্ৰমণৰ ফলত বহুকেইটা বাসস্থান ধ্বংসস্তূপত পৰিণত হৈছে। একেদৰে বিপর্যস্ত ইউক্রেইনৰ বন্দৰ চহৰ মাৰিউপোল। ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভোলোদিমিৰ জেলেনস্কিৰ কাৰ্যালয়ৰ পৰামর্শদাতা ওলেক্সি এৰেষ্টোভিচে জনাইছে, এই পর্যন্ত ৰুছ আক্রমণত মাৰিউপোলত আঢ়ৈ হাজাৰ লোকৰ মৃত্যু হৈছে। তাৰ পৰা ৰুছ সেনাই কিছু লোকক যুদ্ধবন্দী কৰি ৰখা বুলিও তেওঁ জনায়।












