![]()
নিউজ ডেস্কঃ
পত্নী মহিলা নহয়। মেডিকেল ৰিপোর্টৰ সেই দাবী। তেওঁক ঠগোৱা হৈছে। সত্য গোপন কৰি বিয়া দিয়া হৈছে। সেয়ে বিচ্ছেদ বিচাৰি ছুপ্রিম কোর্টলৈ গ’ল স্বামী। ইয়াৰ পূৰ্বে মধ্যপ্রদেশ হাইকোর্টৰ দ্বাৰস্থ হৈছিল। কিন্তু লাভ নহ’ল। এইবাৰ এই বিষয়ত চাৰি সপ্তাহৰ ভিতৰত পত্নীৰ পৰা উত্তৰ বিচাৰিলে শীর্ষ আদালতে।
জাননী জাৰি কৰি ছুপ্রিম কোৰ্টে জনাইছে, মহিলাগৰাকীৰ মেডিকেল ৰিপোর্টত দেখা গৈছে তেওঁৰ এটি পুৰুষাঙ্গ আছে৷ আনহাতে, হাইমেনেৰে ঢকা যোনিও আছে। সেয়ে বিষয়টি স্পষ্ট কৰিব লাগিব মহিলাগৰাকীয়ে।
উল্লেখ্য, ২০১৬ চনত মহিলাগৰাকীৰ সৈতে বিয়াত বহিছিল অভিযোগকাৰী ব্যক্তিজন। ঘনিষ্ঠ মুহূৰ্ত উপভোগ কৰিবলৈ গ’লে পত্নীয়ে তেওঁক কৈছিল, পিৰিয়ডছ চলি আছে। সেয়ে সঙ্গম সম্ভৱ নহয়। ইয়াৰ পিছত তেওঁ পিতৃগৃহলৈ গুচি যায়। ছয়দিন পিছত পুনৰ ঘূৰি আহে স্বামীৰ ওচৰলৈ। তাৰ পিছত স্বামীয়ে ঘনিষ্ঠ হ’বলৈ গৈ দেখে, পত্নীৰ কোনো মহিলা গুপ্তাংগ নাই। তাৰ সলনি শিশুসকলৰ দৰে লিঙ্গ আছে।
ইয়াৰ পিছতেই পত্নীক চিকিৎসকৰ ওচৰলৈ লৈ যায় তেওঁ। চিকিৎসকৰ মতে, এনে ধৰণৰ শাৰীৰিক অৱস্থাক ‘ইমপাৰফোৰেট হাইমেন’ বোলে। য’ত যোনিপথ ঢাক খাই থাকে। চিকিৎসকে অস্ত্রোপচাৰৰ পৰামর্শ দিয়ে যদিও লগতে জনায় যে মহিলাগৰাকীৰ মাতৃ হোৱাৰ সম্ভাৱনা প্রায় নায়েই।












