![]()
নিউজ ডেস্কঃ
বিমানবন্দৰত অস্ত্রতো দূৰৈৰ কথা, কোনো ধৰণৰ চোকা সামগ্ৰী লৈ প্রৱেশ কৰাও নিষেধ। এই নিয়ম কার্যকৰী যাত্রী তথা বিমানবন্দৰৰ কর্মচাৰীসকলৰ বাবে। এই নিয়মত এইবাৰ পৰিৱৰ্তন হ’ল। শিখ সম্প্রদায়ৰ বিমান কর্মচাৰীসকলে এতিয়াৰে পৰা কৃপাণ (ধর্মীয় তৰোৱাল) লগত ৰাখিব পাৰিব। যোৱা ৪ মার্চত ‘ব্যুৰো অব শিখ এভিয়েচন ছিকিউৰিটি’য়ে শিখ বিমান কর্মচাৰীসকলক কৃপাণ বহনত নিষিদ্ধ কৰিছিল। এই নির্দেশৰ তুমুল সমালোচনা কৰিছিল আগশাৰীৰ শিখ সংগঠন শিৰোমণি গুৰুদ্বাৰ প্রবন্ধক কমিটিয়ে। ইয়াৰ পিছত ১২ মার্চত উক্ত নির্দেশ উঠাই লোৱা হয়।
৪ মার্চৰ নির্দেশনাত কোৱা হয়, ‘একমাত্র শিখ যাত্রীসকলেহে তেওঁলোকৰ লগত কৃপাণ ৰাখিব পাৰিব, কিন্তু তাৰো ব্লেডৰ দৈর্ঘ্য ৬ ইঞ্চিৰ বেছি হ’ব নোৱাৰিব আৰু নাল সহিতে ৯ ইঞ্চিৰ বেছি হ’ব নোৱাৰিব। এই ব্যতিক্রম কেৱল শিখ যাত্রীসকলৰ বাবেহে। কোনো অংশীদাৰ অথবা ঘৰুৱা বা আন্তৰাষ্ট্ৰীয় টার্মিনেলত কর্মৰত বিমানবন্দৰৰ কর্মচাৰীয়ে (শিখ হ’লেও) কৃপাণ লগত ৰাখিব নোৱাৰিব।’
৯ মার্চত শিৰোমণি গুৰুদ্বাৰ প্রবন্ধক কমিটিৰ সভাপতি হৰজিন্দৰ সিং ধামিয়ে যাত্রীবাহী বিমানমন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়ালৈ এখন পত্ৰ লিখে। পত্ৰত তেওঁ কয়, এই নির্দেশনা প্ৰকৃততে শিখ সম্প্রদায়ৰ ওপৰত আক্রমণ। তাৰ তিনি দিন পিছতেই উক্ত নির্দেশনাত পৰিৱৰ্তন আনে বিমান মন্ত্ৰালয়ে। ‘শিখসকলৰ কৃপাণ ব্যৱহাৰ কৰাটো নিষিদ্ধ’ এই পেৰেগ্রাফটোৱেই উঠাই দিয়া হৈছে।












