![]()
নিউজ ডেস্কঃ
কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ ২০২২-২৩ বিত্তীয় বর্ষৰ বাজেট প্রস্তাৱ গৃহীত হ’ল লোকসভাত। সোমবাৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে দাখিল কৰা বাজেট প্রস্তাৱ অনুযায়ী ২০২২-২৩ বিত্তীয় বর্ষত জম্মু-কাশ্মীৰ চৰকাৰৰ বাজেটত আবণ্টন হয় ১ লাখ ১২ হাজাৰ ৯৫০ কোটি টকা। ইয়াৰ ভিতৰত চলিত বছৰৰ ১ এপ্রিলৰ পৰা বিভিন্ন উন্নয়ন খণ্ডত ব্যয় হ’ব ৪১ হাজাৰ ৩৩৫ কোটি টকা।
প্ৰদান কৰা তথ্য অনুযায়ী, বাজেট আবণ্টনৰ ৩২ হাজাৰ ৪৯৫ কোটি (২৯ শতাংশ) খৰচ হ’ব চৰকাৰী কর্মচাৰীসকলৰ বেতনত। পেঞ্চনৰ বাবদ খৰচ ৯,৭৮০ কোটি (৯ শতাংশ)। আনহাতে, ঋণৰ সুতৰ বাবদ দিব লাগিব ৭,৪২৭ কোটি (৬ শতাংশ)। চলিত বিত্তীয় বর্ষত বিদ্যুৎ ক্ৰয়ৰ বাবে জম্মু-কাশ্মীৰ চৰকাৰৰ সম্ভাব্য ব্যয় ৫,০০০ কোটি।












