![]()
অজন্তা তালুকদাৰ
বোকাখাত : প্ৰতি বছৰে পালন কৰি অহাৰ দৰে এই বৰ্ষতো বোকাখাত সাংস্কৃতিক মঞ্চৰ উদ্যোগত অহা ২০ মাৰ্চত অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তিত জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা। ‘ক’ আৰু ‘খ’ দুয়োটি শাখাতে অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনিত প্ৰতিযোগীসকলে একোটিকৈ জয়ন্ত হাজৰিকাৰ গীত গোৱাৰ লগতে পাৰ্বতী প্ৰসাদ বৰুৱা অথবা খগেন মহন্তৰ এটি গীত পৰিবেশন কৰাটো বাধ্যতামূলক বুলি বোকাখাত সাংস্কৃতিক মঞ্চৰ হৈ সম্পাদক সৌৰভ হাজৰিকাই জানিবলৈ দিছে।
প্ৰতিযোগিতাৰ ‘ক’ শাখাৰ প্ৰথম পুৰস্কাৰ ৪০০০, দ্বিতীয় পুৰস্কাৰ ৩০০০ আৰু তৃতীয় পুৰস্কাৰ ২০০০ টকা, ‘খ’ শাখাৰ প্ৰথম পুৰস্কাৰ ৬০০০, দ্বিতীয় পুৰস্কাৰ ৪০০০ আৰু তৃতীয় পুৰস্কাৰ ৩০০০ টকা ধাৰ্য কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে ৯৯৫৪৪৫২২০৩, ৭০০২০৭৪২২৮, ৭০০২৮৬১৬৫৬ অথবা ৮৪৭৪৮৭৬৮১৯ ফোন নম্বৰলৈ যোগাযোগ কৰিব পাৰিব। যোগদানৰ শেষ তাৰিখ অহা ১৮ মাৰ্চ বুলি জানিবলৈ দিছে উদ্যোক্তাই।













