![]()
হোজাইৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। সোমবাৰে গোপন তথ্যৰ ভিত্তিত হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত ডবকা চহৰৰ ১নং ৱাৰ্ডৰ ডবকা আৰক্ষী আৰু হোজাই জিলা আৰক্ষীৰ অপৰাধ শাখাই অভিযান চলায়। আৰক্ষীৰ এই অভিযানকালত ড্ৰাগছ সৰবৰাহকাৰী দম্পতীক গ্ৰেপ্তাৰ কৰাৰ লগতে তিনিটা চাবোনৰ বাকচত ভর্তি সন্দেহজনক হেৰ’ইন জব্দ কৰে। জব্দ কৰা ড্ৰাগছখিনিৰ পৰিমাণ ৮০ গ্ৰাম। লগতে ৮০ হেজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত মহিলাগৰাকীৰ নাম আচিয়া বেগম আৰু লোকজনৰ নাম ফাৰুক হুছেইন।
দুয়োৰে ঘৰ ডবকা থানাৰ অন্তর্গত হালধিআটীৰ দিখাৰুমুখ গাঁৱত। ড্ৰাগছখিনি ক’ৰ পৰা কেনেকৈ আৰু কাক বিক্ৰী কৰিবলৈ আনিছিল সেই কথা এতিয়ালৈকে পোহৰলৈ অহা নাই। সম্প্রতি অধিক তথ্যৰ বাবে আৰক্ষীয়ে দুয়োকে মাৰাথন জেৰা কৰাৰ লগতে এটা গোচৰ তৰি শঙ্কৰদেৱৰ নগৰৰ আদালতত হাজিৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ।












