![]()
নিউজ ডেস্কঃ
বহুল চৰ্চিত ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ চোৱাৰ পিছত ছবিখনৰ উচ্চ প্রশংসা কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। লগতে বিজেপিৰ সাংসদসকলক বিবেক অগ্নিহোত্রী পৰিচালিত ছবিখন চোৱাৰো পৰামর্শ দিয়ে প্রধানমন্ত্রীয়ে। ছবিখন সন্দৰ্ভত প্রধানমন্ত্রীৰ মন্তব্য, ‘‘দ্য কাশ্মীৰ ফাইলছৰ দৰে ছবি অধিক নিৰ্মাণ হোৱা প্রয়োজন। এনেধৰণৰ ছবিৰ জৰিয়তে সাধাৰণ মানুহে প্রকৃত সত্য জানিব পাৰে।’’
লগতে ছবিখনক সমালোচনা কৰাসকলক কটাক্ষ কৰি মোদীয়ে কয়, ‘‘সদায় বাকস্বাধীনতাৰ কথা কৈ ফুৰা ব্যক্তিসকলৰ গেঙত যোৱা পাঁচ-ছয় দিনৰ পৰা কঁপনি উঠিছে।’’
আনহাতে, ছবিখন কলৈ সৃষ্টি হোৱা বিতর্ক সন্দৰ্ভত প্রধানমন্ত্রীয়ে কয়, ‘‘কেইবা বছৰ ধৰি প্ৰকৃত সত্যক ঢাকি ৰখা হৈছিল। যিসকল ব্যক্তিৰ ইয়াত আপত্তি আছে, তেওঁলোকে নিজে জনা সত্যটো প্ৰকাশ কৰা উচিত।’’












