![]()
নিউজ ডেস্কঃ
সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ ফলত উত্তৰ প্রদেশ, পঞ্জাব, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱাৰ প্রদেশ কংগ্রেছৰ সভাপতিসকলক ইস্তফা দিয়াৰ নির্দেশ দিলে কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীয়ে।
দলৰ এক সূত্রই জনোৱা মতে, সদ্য সমাপ্ত পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্রেছৰ শোচনীয় ফলাফলৰ পিছত সংশ্লিষ্ট ৰাজ্যকেইখনৰ দলীয় সংগঠনত বৃহৎ সালসলনি কৰা হ’ব পাৰে। তাৰ কাৰণেই পদত্যাগৰ নির্দেশ দিয়া হৈছে৷












