![]()
নিউজ ডেস্কঃ
ভাতৃৰ বিয়াৰ প্রস্তুতি তুঙ্গত। তেতিয়াই ফোনটো আহিছিল তেওঁলৈ। ফোনৰ সিটো মূৰৰ পৰা প্রশ্ন— ‘‘ইউক্রেইনত আবদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলক উদ্ধাৰ কৰিবলৈ যাবলৈ ইচ্ছুক নেকি?’’ —‘‘হয়!’’ অলপো বিলম্ব নকৰি ৰাজী হৈছিল এয়াৰ ইণ্ডিয়াৰ বিমানচালক কেপ্টেইন শিৱানী কালৰা।
কেন্দ্রীয় চৰকাৰৰ ‘অপাৰেচনন গঙ্গা’ৰ অংশ হিচাবে চলিত মাহৰ আৰম্ভণিতে ইউক্রেইনৰ ভাৰতীয় শিক্ষাৰ্থীসকলক উদ্ধাৰকাৰ্যত নামিছিল শিৱানী। তেওঁলোকৰ মাজৰ আঢ়ৈ শতাধিক দিল্লীলৈ আনিব পাৰিছে তেওঁ।
এক সর্বভাৰতীয় সংবাদ মাধ্যমক শিৱানীয়ে কয়, ‘‘উদ্ধাৰকাৰ্যলৈ যোৱাৰ বাবে ঘৰ এৰাৰ পূৰ্বে মোক মাই হঠাতে সাবটি ধৰে। সাধাৰণতে তেনে নকৰে। কিন্তু সেই সময়ত মা কিছু আবেগিক হৈ পৰিছিল।’’
উদ্ধাৰকাৰী দলৰ হৈ ইউক্রেইনৰ পৰা শিৱানীৰ দলটো উপস্থিত হৈছিল ৰোমানিয়াৰ বুদাপেষ্টত। সেই অভিজ্ঞতাৰ কথা ইনষ্টাগ্রামত শ্বেয়াৰ কৰিছে তেওঁ। এয়াৰ ইণ্ডিয়াৰ ককপিটত বহা শিৱানীৰ ছবি চাই তেওঁক বাঃবাঃ দিছে বহুতে।
বুদাপেষ্টৰ পৰা ২৪৯ জন ভাৰতীয় শিক্ষাৰ্থীক দিল্লীলৈ লৈ আহিছে তেওঁ।
উল্লেখ্য, এয়াৰ ইণ্ডিয়াত তিনি বছৰ ধৰি কাম কৰিছে শিৱানীয়ে। কিন্তু এনেধৰণৰ সুযোগ কেতিয়াও পোৱা নাই। শিৱানীয়ে কয়, ‘‘এই প্রথম এনেধৰণৰ অভিজ্ঞতাৰ সাক্ষী হ’লো। এই সুযোগ দিয়াৰ বাবে সঁচাকৈয়ে কৃতজ্ঞ।’’











