![]()
ষ্টাফ ৰিপ’ৰ্টাৰঃ
বিধানসভাত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ ৷
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল বিত্তমন্ত্ৰীৰ ৷
জ্যোতিপ্ৰসাদৰ ‘তোৰে মোৰে আলোকেৰে’ গীতৰ কলিৰে বাজেট ভাষণ আৰম্ভ বিত্তমন্ত্ৰী ৷
উক্ত বাজেটক নতুন দিগন্তৰ আলোকময় যাত্ৰা আখ্যা বিত্তমন্ত্ৰীৰ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক ধন্যবাদ বিত্তমন্ত্ৰীৰ৷
কোভিড পৰৱৰ্তী সময়ত এয়া এক আশাৰ বাজেট বুলি উল্লেখ বিত্তমন্ত্ৰীৰ৷
• ২০২০-২০২১ বৰ্ষত মুঠ ব্যয় ৭৯১৫৪.৭৬ কোটি
• NIDAৰ অধীনত ১১,১০০ কোটি ব্যয় সাপেক্ষে ৰাজ্যত প্ৰায় ১.৯ কোটি বেংক একাউণ্ট খোলা হৈছে৷
• বেংক একাউণ্টসমূহৰ ৬০ শতাংশই মহিলাৰ৷
• HPCৰ সম্পত্তি অধিগ্ৰহণ ব্যয় ৭০০ কোটি টকা৷
• চলিত বছৰৰ ৩১ মাৰ্চৰ পূৰ্বে ৩০০ কোটি মুকলি৷
• HPCত ৰাজ্য চৰকাৰৰ অংশ ২৬ শতাংশ বৃদ্ধি৷
• অষ্টাদশ মুকুতাৰ উন্নয়নী মালা ঘোষণা৷
• পৰিবহণ ব্যৱস্থাত ৪খন নতুন আঁচনি৷
• ৩ হাজাৰ কিঃমিঃ পথ নিৰ্মাণৰ বাবে ২,৫৫০ কোটি ধাৰ্য৷
• ৫.৫০ মিটাৰ বহল ১,৩৫০ কিঃমিঃ পথৰ৷
• উন্নত পকীপথ নিৰ্মাণ আঁচনিত ১,৪৮৫ কোটি৷
• মুখ্যমন্ত্ৰীৰ মথাউৰি পকীকৰণ আঁচনিত ১১০৭.৭৮ কোটি ব্যয়েৰে ৫০০ কিঃমিঃ৷
• PMGSY আঁচনিৰ অধীনত ২০০০ কিঃমিঃ পথ নিৰ্মাণ, ব্যয় ৩২০ কোটি৷
• ৯৬,৩৭৪.৫৯ কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য৷
• কেঁচা চাহপাতৰ শুল্ক ৰেহাই ৩ বছৰলৈ বৃদ্ধি৷
• পুৰণি বাহনৰ ওপৰত সেউজ কৰৰ প্ৰস্তাৱ৷
• সকলো বতৰৰ উপযোগী পথ নিৰ্মাণৰ প্ৰস্তাৱ৷
• নিৰ্মাণ হ’ব এনে ধৰণৰ ৩ হাজাৰ কিঃমিঃ পথ৷
• অসম মালাৰ অধীনত ৪ টাপথ উন্নয়নৰ প্ৰস্তাৱ৷
• ৰেলৱে’ৰ সৈতে ৫০ : ৫০ অংশৰ ব্যয়ত ৯৬টা পথ৷
• AIBৰ সাহায্যত ১,০২৩ কোটি ব্যয়েৰে লখিমপুৰ, যোৰহাটৰ পৰা মাজুলীলৈ দলং৷
• ধনাগুৰিত সোৱণশিৰি, লুইতৰ ওপৰত হ’ব দলং ৷













