![]()
ষ্টাফ ৰিপ’ৰ্টাৰঃ
‘ৰাজ্য কঁপোৱা অসম লোকসেৱা আয়োগ (APSC)ৰ কেলেংকাৰী ন্যায়িক তদন্তৰ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে আনুষ্ঠানিকভাৱে সম্পূৰ্ণ কৰিছে। বিশেষ সূত্ৰৰ খবৰ মৰ্মে শেহতীয়াকৈ তদন্ত আয়োগৰ এক পত্ৰ অসম চৰকাৰৰ গৃহ বিভাগে লাভ কৰিছে। যি পত্ৰত ৰাজ্য চৰকাৰে তদন্ত আয়োগৰ প্ৰতিবেদন ২২ মার্চ অথবা ২২মার্চৰ পিছত যিকোনো কোনো এটা দিনত গ্ৰহণ কৰিব পাৰে’- এই কথা প্ৰকাশ কৰিছে ফাইট এগেনষ্ট ইনজাষ্টিস অফ এপিএছচিৰ এডমিন মানস প্ৰতীম বৰুৱাই। ৰাকেশ পালৰ দিনত ২০১৩ চনত অনুষ্ঠিত অসামৰিক সেৱা পৰীক্ষাৰ পৰ্বতসম অনিয়ম আৰু দুৰ্নীতিৰ সম্পৰ্কত এক দীঘলীয়া আইনী যুঁজৰ অন্তত গঠন হোৱা ন্যায়িক তদন্ত আয়োগে প্ৰায় ২ বছৰ ৪ মাহৰ মূৰত তদন্তৰ প্ৰতিবেদন আনুষ্ঠানিকভাৱে সম্পূৰ্ণ কৰিছে।
কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত অসম লোকসেৱা আয়োগৰ এই ভয়াৱহ নিযুক্তি কেলেংকাৰীত বৰ্তমানৰ হিমন্ত নেতৃত্বাধীন ৰাজ্য বিজেপি চৰকাৰে কি স্থিতি গ্ৰহণ কৰে তাৰ ওপৰত সকলোৱে দৃষ্টি নিবদ্ধ থাকিব- সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক সংবাদ বিবৃত্তিত এই কথা উল্লেখ্য কৰিছে বৰুৱাই।
আনহাতে ২০১৪চনৰ লোকসেৱা আয়োগৰ পৰীক্ষাৰো তদন্তৰ বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক আয়োগৰ আওতালৈ অনা বাবে ডব্লিউ পি(চি) ৬৪৪২/২১নম্বৰত এক গোচৰ দাখিল কৰিছিল ফাইট এগেনষ্ট ইনজোষ্টিস অফ এপিএছচিয়ে। সেই মৰ্মে শৰ্মা ন্যায়িক আয়োগে যিহেতু ২০১৩চনৰ তদন্ত শেষ কৰিছে গতিকে ২০১৪ চনৰো তদন্ত উক্ত আয়োগক অৰ্পণ কৰা দাবী জনায় এডমিন মানস প্ৰতীম বৰুৱাই।













