ASSAM TIMES POST
গুৱাহাটীঃ জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিৰোধিতাৰে বৃহস্পতিবাৰে চুবুৰীয়া ৰাজ্য মণিপুৰৰ ৰাজধানী ইম্ফলত প্ৰতিবাদ সাব্যস্ত কৰা হয়। সদৌ মণিপুৰ ছাত্ৰ সন্থা, মণিপুৰী ছাত্ৰ সংগঠন (এমএছএফ), মণিপুৰ গণতান্ত্ৰিক ছাত্ৰ মঞ্চ (ডিইএছএএম), কাংলেইপাক ছাত্ৰ সংস্থা (কেএছএ), কাংলেইপাক ছাত্ৰ সন্থা (এছইউকে) আৰু আপুনবা ইৰেপাকী মাহেইৰৈ ছিংপাংলুপ (এআইএমএছ)ৰ দৰে ছাত্ৰ সংগঠনসমূহৰ বিধেয়ক বিৰোধী যৌথ মঞ্চ ‘মণিপুৰ পিপুল এগেইনষ্ট কেব’ৰ উদ্যোগত ইম্ফল চহৰত মানৱ শৃংখল গঠন কৰি বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে। ইয়াত বিদ্যালয়, মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰিও বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলে অংশগ্ৰহণ কৰে।













