ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰজাবাৰীৰ ত্ৰিবেণী গ্ৰামীণ বিকাশ সমিতিৰ ৪৫ দিনীয়া বয়ন প্ৰশিক্ষণৰ সামৰণি

News Desk by News Desk
March 19, 2022
Reading Time: 1 min read
A A
0
ৰজাবাৰীৰ ত্ৰিবেণী গ্ৰামীণ বিকাশ সমিতিৰ ৪৫ দিনীয়া বয়ন প্ৰশিক্ষণৰ সামৰণি

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

অজন্তা তালুকদাৰ

বোকাখাত : ৰাজ্যখনৰ ভিতৰতে উল্লেখনীয় স্বেচ্ছাসেৱী অনুষ্ঠান বোকাখাতৰ ৰজাবাৰীত অৱস্থিত অসম চৰকাৰৰ ৰেচম বিভাগ আৰু ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰেচম ব’ৰ্ডৰ পৃষ্ঠপোষকতাত পৰিচালিত ত্ৰিবেণী গ্ৰামীণ বিকাশ সমিতিৰ যোৱা ১৬ মাৰ্চত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰণালয়ৰ ঘোষিত ‘সমৰ্থ’ আঁচনিৰ অধীনত অনুষ্ঠিত বোৱনীসকলৰ ৪৫ দিনৰ কাৰিকৰী দক্ষতা বিকাশৰ এলানি প্ৰশিক্ষণৰ সামৰণি পৰে। প্ৰশিক্ষণৰ শেষত বোৱনীসকলৰ কাৰিকৰী জ্ঞানৰ পৰীক্ষা অনুষ্ঠিত কৰি মূল্যায়ণ কৰা হয় আৰু দক্ষতা অৰ্জন কৰা বোৱনীসকলক বস্ত্ৰ মন্ত্রণালয়ৰ পৰা ডিজিটেল প্রমাণ-পত্ৰ দিয়া হয়। এই অনুসৰি কেন্দ্ৰীয় ৰেছম বৰ্ডৰ বিষয়াৰ উপস্থিতিত বস্ত্ৰ মন্ত্রণালয়ৰ দ্বাৰা প্ৰেৰিত টেক্সটাইল অভিযন্তা-পৰীক্ষক গায়ত্ৰী দাসে প্ৰশিক্ষার্থীসকলৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰি এই প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি মাৰে।

উল্লেখ্য যে ১৯৯২ চনৰে পৰা এই প্রতিষ্ঠানত ৰেছম পলু পালন, পাট, মুগা, এড়ী সূতা কটা প্রশিক্ষণ আদি অসম চৰকাৰৰ ৰেছম বিভাগ আৰু ভাৰত চৰকাৰৰ কেন্দ্রীয় ৰেছম বৰ্ডৰ পৃষ্টপোষকতাত চলি আহিছে। ২০১৫ চনৰে পৰা এই প্রতিষ্ঠানটিক কেন্দ্ৰীয় ৰেছম বৰ্ডে ‘ৰেছম সমল কেন্দ্ৰ’ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। সেয়ে এই সমল কেন্দ্ৰত কেন্দ্রীয় ৰেছম বৰ্ডৰ আঁচনি অনুযায়ী প্রতি বছৰে ২০০ৰ পৰা ৩০০ জনকৈ পাট পলু, মূগা পলু, এড়ী পলু পালকক প্রশিক্ষণ প্ৰদান কাৰ্যসূচী চলাই থকা হৈছে। এই ৰেছম শিল্পৰ বিকাশ আৰু সম্প্ৰসাৰণৰ উদ্দেশ্যে আয়োজিত প্রশিক্ষণ সমূহত কাৰিকৰী বিশেষজ্ঞ, কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভাগীয় উচ্চপদস্থ বিষয়া, কেন্দ্ৰীয় ৰেছম ব’ৰ্ডৰ যোৰহাটৰ লাহদৈগড় গৱেষণা কেন্দ্ৰৰ সঞ্চালক প্রধানলৈকে এই প্ৰশিক্ষণৰ কাৰ্যসূচী সমূহত অংশগ্ৰহণ কৰি ৰেছম পলু পালকসকলক উৎসাহিত কৰি আহিছে। সম্প্ৰতি অসম গৌৰৱ পাট-মূগা, এড়ী বস্ত্ৰ উৎপাদনৰ বাবে কেঁচা মাল প্ৰতিকূল বতৰ আদিৰ বাবে শুৱালকুছিত পৰ্যাপ্ত ধৰণে উৎপাদন নহয়, যাৰ বাবে অসম গৌৰৱ এই বস্ত্ৰ উদ্যোগটো বিপদৰ সন্মুখীন হৈছে।

গতিকে এই কেঁচা মালৰ চাহিদা বহিঃৰাজ্যৰ পৰা আমদানি কৰি পূৰণ কৰিব লগীয়া হৈছে অসমৰ শিপিনীয়ে। সেয়েহে দেশৰ লগতে বিদেশতো ইয়াৰ চাহিদা বৃদ্ধিলৈ চাই চাহিদাৰ অনুপাতে যোগান হ্ৰাস পোৱাত বজাৰত ভেজাল কেঁচা মালৰ প্ৰচলন হোৱাৰ লগতে এচাম অসাধু ব্যৱসায়ীয়ে কেঁচা মালৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি উদ্যোগটোৰ ক্ষতি সাধন কৰিছে। সেয়েহে এই উদ্যোগটোক জীয়াই ৰখাৰ স্বাৰ্থতে কেন্দ্ৰীয় ৰেছম বৰ্ডে ইতিমধ্যে কেইখনমান আঁচনি ৰূপায়ণৰ ব্যৱস্থা গ্রহণ কৰিছে আৰু ত্ৰিবেণী ৰেছম উদ্যোগেও এই কাৰ্যসূচীত অংশ লৈছে।

সামৰণি অনুষ্ঠানত প্ৰতিষ্ঠানৰ সভাপতি ৰামেশ্বৰ দাসে প্রশিক্ষার্থী সকলক উদেশ্যি কয় যে অন্ন বস্ত্র বাসস্থান সমাজ-জীৱনৰ নুন্যতম প্রয়োজনীয় সম্বল। গতিকে এই বিষয়ত স্বাৱলম্বী হোৱাটো নাগৰিকৰ গণতান্ত্রিক, সামাজিক দায়িত্ব। কেন্দ্ৰীয় ৰেছম বৰ্ডৰ বিষয়া টেক্সটাইল অভিযন্তা গৰাকীয়ে সামৰণি অনুষ্ঠানত বস্ত্ৰ উৎপাদনত স্বাবলম্বী হৈ আর্থ-সামাজিকভাৱে আত্মনিৰ্ভৰশীল হ’বৰ বাবে প্ৰশিক্ষার্থী সকলক আহ্বান জনায়। অনুষ্ঠানৰ সামৰণিত শলাগৰ শৰাই আগবঢ়ায় প্ৰণিক্ষণৰ মুখ্য প্ৰশিক্ষক আৰু প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠা কালৰে পৰা সম্পাদকৰ দায়িত্বত থকা উচ্চ শিক্ষিতা মহিলা তথা সমাজ কর্মী চম্পা দাসে।

Tags: Featured
Share4Tweet3Send

Related Posts

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী
National-International

Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী

June 22, 2026
50
Minor gang rape : বিয়া খাবলৈ গৈ গণধর্ষণৰ চিকাৰ ১৩ বছৰীয়া ছাত্রী, গ্ৰেপ্তাৰ ৫
National-International

Minor rape case I মাতৃৰ কাষৰ পৰা ৯ মহীয়া কেঁচুৱাক তুলি নি ধৰ্ষণ ১২ বছৰীয়া নাবালকৰ

June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

পিএলএৰ এজন ৱাণ্টেড সদস্যক গোৱাত গ্ৰেপ্তাৰ

June 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী

Chikungunya I গৰুৰ প্ৰস্ৰাৱে চিকুনগুনিয়াৰ দৰে মাৰাত্মক ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে, গৱেষণাত দাবী

June 22, 2026
Minor gang rape : বিয়া খাবলৈ গৈ গণধর্ষণৰ চিকাৰ ১৩ বছৰীয়া ছাত্রী, গ্ৰেপ্তাৰ ৫

Minor rape case I মাতৃৰ কাষৰ পৰা ৯ মহীয়া কেঁচুৱাক তুলি নি ধৰ্ষণ ১২ বছৰীয়া নাবালকৰ

June 22, 2026
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

June 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx