ASSAM TIMES POST
ডিফুঃ শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক ক্ষণতে কাৰবি আংলং জিলাৰ মাঞ্জা বজাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ লক্ষ্য কৰি কোনো অজ্ঞাত দূৰ্বৃত্তই গেণেড নিক্ষেপ কৰা কাৰ্যই আতংকৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ বিৱৰণী অনুসৰিআজি সন্ধিয়া প্ৰায় ৬-১৫ বজাত মাঞ্জা বজাৰৰ গেলামাল দোকানৰ ব্যৱসায়ী সুজিত গুপ্তাৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ লক্ষ্য কৰি কোনো দূৰ্বৃত্তই এটা গ্ৰেণেড নিক্ষেপ কৰে ৷
সৌভাগ্য ক্ৰমে গ্ৰেণেডটো বিষ্ফোৰিত নোহোৱাত কোনো লোক হতাহত হোৱাৰ পৰা ৰক্ষা পৰে ৷ ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষী আৰু নিৰাপত্তা ৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ গ্ৰেণেডটো উদ্ধাৰ কৰা প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ দুৰ্গা পূজা উপলক্ষে নিৰাপত্তা ৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পিছতো এনেদৰে গ্ৰেণেড নিক্ষেপ কৰা কাৰ্য তাৎপৰ্য বহন কৰিছে ৷













