![]()
ডিফু : কালি ডিমাহাচাও জিলাৰ উমৰাংছ’ৰ নিপকো জলবিদ্যুত প্ৰকল্পত টাৰ্বাইন বিষ্ফোৰণৰ পিছত প্ৰকাণ্ড গছ বাগৰি প্ৰকল্পটোৰ তিনি বিষয়া কৰ্মীৰ কৰুণ মৃত্যু সন্দৰ্ভত প্ৰথমবাৰ চৰকাৰী হিছাপে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাৰ্বত্য উন্নয়ণ মন্ত্ৰী যোগেন মহনে ৷
আজি ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত মহিলা সকলৰ মাইক্ৰ’ ফাইনেঞ্চ ঋণ ৰেহাই চেক প্ৰদান অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰী গৰাকীয়ে উমৰাংছৰ ঘটনা দুৰ্ভাগ্যজনক বুলি আক্ষেপ কৰে ৷ ঘটনাস্থলী পৰিদৰ্শন কৰি ঘটনাৰ সু তদন্ত কৰি মুখ্যমন্ত্ৰীক এই সন্দৰ্ভত প্ৰতিবেদন দিয়াৰ লগতে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হব বুলি কয় ৷













