![]()
ডিফু :কাৰবি আংলঙৰ বাবে আন এটি সুখবৰ! কাৰবি আংলঙৰ সুযোগ্য কণ্যা দক্ষ খেলুৱৈ সোণৰ পদক বিজয়ী পখিলা ইংতিপীলৈ আগবঢ়োৱা হৈছে ‘স্পৰ্টচ এচিভাৰ এৱাৰ্ট ২০২২ ৷ আমেৰিকাৰ ইউনিভাৰচিটি অফ গ্ল’ৱেল পীচ আৰু ইণ্টাৰনেছনেল ফ’ৰাম অফ এন্টি কৰাপছনে যুটীয়া ভাবে এই ‘স্পৰ্টচ এচিভাৰ এৱাৰ্ড’ আগবঢ়াইছে ৷
অহা ৬ এপ্ৰিলত নতুন দিল্লীস্থিত সংসদ মাৰ্গৰ কনষ্টিটিউছন ক্লাৱ অফ ইণ্ডিয়াত আয়োজিত এক কাৰ্যসূচীত এই বঁটা আনুষ্ঠিনকভাবে প্ৰদান কৰা হব বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্যযে পখিলা ইংতিপীয়ে ২০১৮ চনৰ ১২ ছেপ্তেম্বৰত মালয়েচিয়াত অনুষ্ঠিত এচিয়া পেচিফিক মাষ্টাৰ্চ গেমচৰ ৫০০০ মিচাৰ দৌৰ প্ৰতিযোগিতাত সোণ আৰু ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল ৷
তেও চণ্ডিগঁড়ত অনুষ্ঠিত নেছনেল মাষ্টাৰ্চ গে ১৫০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক বুটলিবলৈ সক্ষম হৈছিল ৷১৯৮৪ চনত জন্ম গ্ৰহণ কৰা পখিলা ইংতি বৰ্তমান বন বিভাগৰ কৰ্মচাৰী হোৱাৰ লগতে ডিফু এথলেটিকচ একাডেমিৰ লগত জড়িত আছে ৷













