ASSAM TIMES POST
নগাঁওঃ শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উছাহৰ ক্ষণত কালি সন্ধিয়া নগাঁও চহৰৰ হৰিজন কলনিত উপস্থিত হৈ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কলনিৰ বাসিন্দা সকলক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে।

আনহাতে হৰিজন কলনিত বসবাস কৰা দুই শতাধিক মহিলা চাফাই কৰ্মীক পূজাৰ উপহাৰ হিচাপে বিধায়ক গৰাকীয়ে একোখনকৈ শাড়ী প্ৰদান কৰে। শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাক সন্ধিয়া হৰিজন কলনিৰ বাসিন্দা সকলৰ লগত কিছু সময় অতিবাহিত কৰি বিধায়ক শৰ্মাই সংবাদ মাধ্যমৰ আগত নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে নগাঁও চহৰখনক স্বচ্ছ কৰি ৰখাত এই হৰিজন কলনিত বসতি কৰা চাফাই কৰ্মীসকল হৈছে চালিকা শক্তি।
বিশেষকৈ পুৱা সূৰ্যোদয়ৰ লগে লগে নিতৌ হাতত ঝাড়ু লৈ ৰাজপথলৈ ওলাই অহা এই কলনিত বসবাস কৰা মহিলা চাফাই কৰ্মীসকল সকলোৱে প্রত্যক্ষ কৰি আহিছে। তেওঁলোকৰ কৰ্মনিষ্ঠতাৰ বাবেই চহৰখনত স্বচ্ছ পৰিবেশ সম্ভৱ হৈ উঠিছে। সেয়ে হৰিজন কলনিৰ মহিলা চাফাই কৰ্মীসকলক শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক ক্ষণত পূজাৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সৈতে কিছু ভাবৰ আদান প্রদান কৰো। সমাজৰ সকলো স্তৰৰ লোকৰ সহযোগিতাতহে স্বচ্ছ পৰিবেশ সম্ভৱ বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে।













