ASSAM TIMES POST
গুৱাহাটীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শনিবাৰে নিযুক্তি প্ৰদান কৰা হয় ন্যায়াধীশ অজয় লাম্বাক। ইয়াৰ পূৰ্বে তেওঁ এলাহাবাদ, পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত আছিল। ১৯৫৮ চনৰ ২১ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা লাম্বাই চণ্ডীগড়ৰ গৰ্ভানমেন্ট কলেজৰপৰা ইংৰাজীত সন্মানসহ স্নাতক উত্তীৰ্ণ হৈ পঞ্জাৱ বিশ্ববিদ্যালয়ত আইনৰ স্নাতক পাঠ্যক্ৰম সাং কৰে। ১৯৮১ চনত অধিবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলা লাম্বাই ২০০৬ চনৰ ২২ মাৰ্চত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ইফালে, ২০১১ চনৰ ৯ ডিচেম্বৰত তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি হয়।













