ASSAM TIMES POST
গুৱাহাটীঃ অহা ৮ অক্টোবৰত কামৰূপ মহানগৰ জিলাত ড্ৰাই ড্ৰে’ৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনৰ আবকাৰী বিভাগে। উল্লেখযোগ্য যে ৮ অক্টোবৰৰ দিনটো হৈছে দুৰ্গা পূজাৰ দশমী। সমান্তৰালভাৱে, সেইদিনাই পালন কৰা হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী। ইয়াৰ পৰিপ্ৰেক্ষিততে উক্ত দিনা সুৰাৰ বিপণীসমূহ বন্ধ থাকিব।