নগাঁও,৯ অক্টোবৰঃ ৰূপহীহাটত ক্ৰমশঃ বৃদ্ধি পাইছে অবৈধ অস্ত্ৰৰ ঝনঝননি।ডকাইতি লুটপাতেৰে সমগ্ৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ সময়ত কালি নিশা বিজয়া দশমীৰ ওখল মাখল পৰিবেশৰ মাজতেই ৰূপহীহাটত গাওঁৰক্ষী বাহিনীয়ে পিষ্টল সহ এটা দুধৰ্ষ ডকাইত আটক কৰে।নগাঁও জিলাৰ বহুকেইটা ডকাইতি ঘটনাৰ সৈতে জড়িত জহিৰুল ইছলাম (২৪) নামৰ ডকাইতটোক নিশা ৰূপহীহাটৰ নতুন বজাৰৰ নদীৰ পাৰৰ পৰা গাওঁ ৰক্ষী বাহিনীয়ে কৰায়ত্ত কৰে। দূৰ্ধষ ডকাইতটোক আৰক্ষীয়ে নিজৰ জিম্মালৈ নি ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰিছে। নিশা ৰূপহীহাট আৰক্ষী থানাৰ পৰা মাত্ৰ দুশমিটাৰ নিলগত থকা শ্বিৰীণ এন্টাৰ প্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ডকাইতিকাণ্ড সংঘটিত কৰি অঞ্চলটোত সন্দেজনক ভাবে ঘূৰি আছিল ডকাইতৰ দলটো।এই কাৰ্য প্ৰত্যক্ষ কৰি গাওৰক্ষী বাহিনীৰ এটা দলে লোক দুজনক সোধাপোছা কৰিব বিচৰাত এটা ডকাইতে শূন্যলৈ গুলী কৰি দলটোক ভাবুকি প্ৰদান কৰে।গাওঁ ৰক্ষী বাহিনীৰ দলটোৱে সাহসেৰে আগুৱাই যোৱাত এটা ডকাইত পলায়ন কৰে যদিও জহিৰুল নামৰ ডকাইতটোক আটক কৰি আক্ষীক খবৰ দিয়ে। পিছত আৰক্ষী উপস্থিত হৈ গাওৰক্ষী বাহিনীৰ হাতৰ পৰা ডকাইতটোক চমজি লয়। ধৃত ডকাইতটোৰ পৰা আৰক্ষীয়ে তিনিটা সজীৱ গুলি সহ এটা ৯ এম এম পিষ্টল, ২৫টা মবাইল ফোন আৰু চোকা অস্ত্ৰ উদ্ধাৰ কৰিছে।













