গুৱাহাটীঃ জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিৰোধিতাৰে শুকুৰবাৰৰপৰা ৰাজ্যজুৰি সজাগতা অভিযান আৰু প্ৰতিবাদ আৰম্ভ কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতি নেতৃত্বাধীন ৭০ টা সংগঠনে। বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদমেলযোগে এই কথা ঘোষণা কৰে কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈয়ে। গগৈয়ে শুকুৰবাৰৰ কাৰ্যসূচীৰ কথা সদৰী কৰি কয় যে শুকুৰবাৰে দিনৰ ১১ বজাৰপৰা গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা হ’ব। সংবাদমেলত গগৈয়ে ‘কেব’ৰ ভয়াৱহতাৰ কথা পুনৰবাৰ সদৰী কৰি কয় যে ৰাজ্যবাসীয়ে পুনৰ এবাৰ ইয়াৰ বিৰুদ্ধে মাৰ-বান্ধি থিয় হ’ব লাগে। সদৌ অসম ছাত্ৰ সন্থাক অনুৰোধ জনাই অখিলে কয় যে আছু নেতৃত্বাধীন ৩০ টা সংগঠনো ৭০ টা সংগঠনৰ সৈতে একগোট হৈ ‘কেব’ বিৰোধী আন্দোলন তীব্ৰ কৰি তুলিব লাগে।













