নতুন দিল্লীঃ যোৱা আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ অনাদায়ী দৰমহা প্ৰদান নকৰিলে দেৱালীৰ পাছতে দেশজোৰা ধৰ্মঘটৰ হুংকাৰ দিছে বিএছএনএল আৰু এমটিএনএল কৰ্মচাৰী সন্থাই। এই কৰ্মচাৰীসকলে ধৰ্মঘটত বহিব লগা হ’লে দেশৰ টেলিকম খণ্ডত নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে দেশজুৰি বিএছএনএলৰ মুঠ কৰ্মচাৰীৰ সংখ্যা ১,৭৪,২১৬ জন। এমটিএনএলৰ মুঠ কৰ্মচাৰীৰ সংখ্যা ২২ হাজাৰ।