![]()
“পৰিষদীয় নিৰ্বাচনত দুজনকৈ গোৰ্খা লোকক শাসকীয় দলৰ টিকট প্ৰদানৰ দাবী”
যিকোনো মূহুতৰ্তে নিৰ্বাচন আয়োগে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনীয়তা বৃদ্ধি পাই অহাৰ সময়তে সমাগত পৰিষদীয় নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্বক লৈ পাহাৰীয়া জিলাখনত বিভিন্ন প্ৰাৰ্থী তথা দল-সংগঠনৰ তৎপৰতা ব্যাপক হাৰত বৃদ্ধি পাবলৈ লোৱা পৰিলক্ষিত হৈছে ।
জিলাখনৰ ৰাজনীতিত এনে তৎপৰতা অব্যাহত থকাৰ সময়তে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত বসবাস কৰি থকা গোৰ্খা সম্প্ৰদায়ৰ পৰা দুজন প্ৰাৰ্থীক দলীয় প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে শাসকীয় বিজেপি দলৰ ওচৰত দাবী জনাইছে গোৰ্খা ছাত্ৰ সংগঠনটোৱে।
আজি ডিফুত গোৰ্খা ছাত্ৰ সংগঠনটোৰ ডিফুত, বৰজান আৰু বোকাজান আঞ্চলিক সমিতিয়ে এক যুটীয়া সাংবাদমেলৰ আয়োজন কৰি কয় যে ইতিহাসে ঢুকি পোৱাৰ আগৰ সময়ৰ পৰা পাহাৰীয়া জিলাখনত বসবাস কৰাৰ লগতে জিলাখনৰ সকলো আন্দোলন তথা কাৰ্যসূচীত গোৰ্খাসকলে সক্ৰিয় অংশগ্ৰহণ কৰি আহিছে যদিও বিভিন্ন ক্ষেত্ৰৰ লগতে ৰাজনৈতিক ক্ষেত্ৰতো গোৰ্খাসকল বঞ্চিত হে আহিছে।
সেয়েহে, সমাগত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা একোজনকৈ গোৰ্খা সম্প্ৰদায়ৰ লোকক প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে সংগঠনটোৱে বিজেপিক দাবী জনায়।
কিছুদিন পূৰ্বে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক এক স্মাৰকপত্ৰযোগে বিষয়টো সন্দৰ্ভত অৱগত কৰোৱা হৈছিল যদিও এইক্ষেত্ৰত কোনো সঁহাৰি লাভ নকৰা পৰিপ্ৰেক্ষিতত আজি সংবাদমেলযোগে সংগঠনটোৰ দাবী মানি নল’লে আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলনৰ হুকাৰ দিয়ে সংগঠনটোৱে।
ইয়াৰ উপৰি নেপালী অধ্যূষিত এলেকাসমূহৰ গাঁৱৰ নাম নেপালী বস্তি কৰাৰ লগতে সীমান্ত এলেকাত বসবাস কৰি থকা গোৰ্খা লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবেও আজি সংবাদমেলযোগে দাবী কৰে সংগঠনটোৱে।













