![]()
প্রধানমন্ত্রী পদ হেৰুওৱাৰ পিছত এইবাৰ দুর্নীতিৰ গোচৰত তদন্তৰ সন্মুখীন হ’ল ইমৰান খান। অভিযোগ, প্রধানমন্ত্রী হৈ থাকোতে উপহাৰ হিচাবে পোৱা এডাল নেকলেছ ১৮ কোটি টকাত বিক্ৰী কৰিছিল তেওঁ। পাক চোৰাংচোৱা সংস্থা ‘ফেডাৰেল ইনভেষ্টিগেচন এজেন্সি’ক এই বিষয়ত তদন্তৰ দায়িত্ব দিয়া বুলি চৰকাৰী সূত্রৰ খবৰ।
উল্লেখ্য, পাকিস্তানৰ আইন মতে, চৰকাৰী পদত থকা অৱস্থাত উপহাৰ হিচাবে পোৱা সকলো সামগ্ৰী চৰকাৰী কোষাগাৰত জমা কৰিব লাগে। কিন্তু ইমৰান খানে উক্ত নিয়ম মনা নাই বুলি অভিযোগ।
ইমৰান খানে নেকলেছডাল তেওঁৰ বিশেষ সহায়ক জুলফিকৰ বুখাৰিৰ জৰিয়তে লাহোৰৰ এজন গহনা বিক্রেতাৰ ওচৰত বিক্ৰী কৰি দিয়া বুলি প্রকাশিত খবৰত দাবী।













