![]()
আজি ডিফু চহৰত দুদিনীয়া কাৰ্যসূচীলৈ হেলিকাপ্তাৰ যোগে উপস্থিত হব অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে হেলিকাপ্তাৰযোগে তাৰালাংচৰ হেলিপেডত অৱতৰণ কৰাৰ পিছত ডিফু কাছা ষ্ডেডিয়ামৰ ওচৰত ডিফু চহৰত চাৰিলেনযুক্ত ফ্লাই অভাৰৰ ভূমি পুজন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব ৷
ইয়াৰ পিছত ডিফুৰ জয়ছিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত সাংবাদিক, লেখক আৰু আইনৰ স্নাতক সকলৰ মাজত এককালীন সাহায্যৰ চেক বিতৰণ কৰিব ৷ তাৰ পিছত ডিফুৰ ছাৰচিং টেৰণ সোৱৰণি টাউন হলত টেট যোগ্যতা প্ৰাপ্ত সকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব ৷
ইয়াৰ পিছত পোণে পোণে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক খেল পথাৰলৈ গেৈ ২০০০ অস্ত্ৰ বিৰত উগ্ৰপন্থী সদস্য সকলৰ মাজত এককালীন সাহায্যৰ চেক বিতৰণ কৰাৰ লগতে ১১ টা পৰিষদীয় সমষ্টিৰ স্পৰ্টচ কমপ্লেক্স নিৰ্মাণ কৰিবলৈ ১১০ কোটি টকীয়া আঁচনিৰ শুভ উদ্ধোধন কৰাৰ লগতে বিভিন্ন পথ আৰু উন্নয়ণ মূলক আঁচনিৰ শুভ উদ্ধোধন কৰিব বুলি জানিব পৰা গৈছে ৷
মুখ্যমন্ত্ৰী গৰাকী ডিফু আগমণকলৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ মাজত বিশেষ তৎপৰতা পৰিলক্ষিত হৈছ৷ ডিফু চহৰত চুকে কোণে নিৰাপত্তা ৰক্ষীয়ে যিকোনো কুটাঘাতমূলক কাৰ্যক বাধা দিবলৈ কটকটীয়া নিৰাপত্তাৱেষ্টনী গঢ়ি তুলিছে ৷













