![]()
৩৫ বছৰ ধৰি ৪৮গৰাকী মহিলাক যৌন উৎপীড়নৰ অভিযোগ উঠিল ভাৰতীয় বংশোদ্ভৱ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে। তেওঁ ব্রিটেইনৰ এজন খ্যাতনামা চিকিৎসক। মেম্বাৰ অব দ্য ব্রিটিছ এম্পায়াৰ (এমবিই) সম্মানো লাভ কৰিছে কৃষ্ণ সিং নামৰ ৭২ বছৰীয়া চিকিৎসকজনে।
কৃষ্ণ সিং স্কটলেণ্ডৰ চিকিৎসক। স্কটলেণ্ড আৰক্ষী সূত্র মতে, যৌন উৎপীড়নৰ ঘটনাবোৰ ঘটিছে ১৯৮৩ চনৰ পৰা ২০১৮-ৰ ভিতৰত। তাৰ ভিতৰত বেছিভাগেই নর্থ লানার্কশায়াৰত চিকিৎসকৰ চেম্বাৰত। ইয়াৰ উপৰি হস্পিটেল আনকি ৰোগীসকলৰ ঘৰত গৈয়ো চিকিৎসাৰ সময়ত তেওঁ যৌন উৎপীড়ন চলোৱাৰ অভিযোগ।
অভিযোগ, চিকিৎসাৰ নামত মহিলা ৰোগীসকলক চুম্বন কৰা, পৰীক্ষা কৰাৰ চলেৰে তেওঁলোকৰ শৰীৰৰ বিভিন্ন অংশত হাত দিয়া, আনকি মহিলা ৰোগীসকলৰ লগত অশালীনভাবে কথা কোৱা— এনে ধৰণৰ বিভিন্ন অভিযোগ উঠিছে চিকিৎসক সিঙৰ বিৰুদ্ধে।
অৱশ্যে সকলো অভিযোগ অস্বীকাৰ কৰিছে সিঙে। তেওঁৰ ওলোটা দাবী, ৰোগীসকলে মিছা কথা কৈছে। ভাৰতত চিকিৎসা প্রশিক্ষণৰ সময়ত তেওঁলোকক যি যি শিকোৱা হৈছে, চিকিৎসা কৰিবলৈ গৈ সেয়াই কৰিছে। তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ তোলা বুলিও দাবী সিঙৰ।
উল্লেখ্য, ২০১৮-ত এগৰাকী মহিলা চিকিৎসকে সিঙৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ আনিছিল। তাৰ পিছৰ পৰাই বিষয়টি সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাইছিল। তেওঁলোকৰ দাবী, চিকিৎসকজনৰ বিৰুদ্ধে ৫৪টা অভিযোগ জমা হৈছে। তাৰে ভিতৰত বেছিভাগেই যৌন উৎপীড়ন আৰু অশালীন আচৰণৰ অভিযোগ।












