![]()
হৃদৰোগত আক্রান্ত হৈছে ৰুছ প্রতিৰক্ষামন্ত্রী ছার্গেই শোইগু। ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিশেষ ঘনিষ্ঠ এই মন্ত্রীজনৰ শাৰীৰিক অৱস্থা উদ্বেগজনক বুলি খবৰ। তেওঁক হস্পিটেলৰ আইচিইউত ৰখা হৈছে।
পুটিনৰ লগত অতি ভাল সম্পর্ক শোইগুৰ। কিন্তু শেহতীয়াভাবে তেওঁলোকৰ সম্পর্কত ফাঁট মেলা বুলি দাবী একাধিক সংবাদ মাধ্যমৰ ৰিপোর্টত। আন্তর্জাতিক সংবাদ মাধ্যমৰ সূত্র মতে, বিগত কেইসপ্তাহমান ধৰি ৰুছ প্রতিৰক্ষা মন্ত্রীগৰাকীক প্রকাশ্যে দেখা যোৱা নাই।
তাৰ মাজতে ইউক্রেইন আক্রমণৰ পিছত ৰাছিয়াৰ ২০ জন সেনা প্ৰধানক গ্ৰেপ্তাৰ কৰা হৈছে। আমেৰিকাৰ চোৰাংচোৱা বাহিনীৰ দাবী, ৰাছিয়াৰ ইউক্রেইন আক্রমণৰ বহুকেইটা অভিযান ব্যর্থ হৈছে।
একাধিক আন্তর্জাতিক সংবাদ মাধ্যমৰ দাবী, বহুকেইটা বিষয়ত পুটিন আৰু শোইগুৰৰ মতপার্থক্য প্রকাশ্যে আহিছিল। তাৰ মাজতেই জনা গ’ল, গুৰুতৰভাবে অসুস্থ হৈ পৰিছে ৬৬ বছৰীয়া প্রতিৰক্ষা মন্ত্রীগৰাকী।












