![]()
এবছৰত ১.১১ কোটি টকা জৰিমনা আদায়। টিকট পৰীক্ষক হিচাবে শশী কুমাৰে যি কৰিছে সেয়া চাই ভাৰতীয় ৰে’লৰ বিষয়াসকলো অবাক।
বিহাৰৰ টিকট পৰীক্ষক শশী কুমাৰে বিগত এটা বছৰত এক কোটি ১১ লাখ টকা জৰিমনা হিচাবে যাত্রীসকলৰ পৰা আদায় কৰিছে।
জানিব পৰা মতে, প্রায় ১৬ হাজাৰ যাত্রীৰ পৰা এই বিপুল জৰিমনাৰ টাকা সংগ্রহ কৰিছে টিকট পৰীক্ষকজনে।
উত্তৰ-মধ্য ( East Central Railway) ৰে’লৰ তৰফৰ পৰা তেওঁক পুৰস্কৃতও কৰা হৈছে। কামৰ প্রতি নিষ্ঠা আৰু পৰিশ্রমৰ বাবে তেওঁক ধন্যবাদ জনাইছে ভাৰতীয় ৰে’লৰ বিষয়াসকলে।
এবছৰ পূৰ্বে শশী কুমাৰে ভাৰতীয় ৰে’লত টিকট পৰীক্ষক হিচাবে যোগ দিছিল। মাত্র এটা বছৰৰ ভিতৰতেই ভাৰতীয় ৰে’লক ইমান পৰিমাণে টকা জৰিমনা হিচাবে লাভ কৰাই দিছে তেওঁ।












