![]()
আজি বোকাজানত এটি পথ দুৰ্ঘটনা (Road accident)সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি আজি বিয়লি প্ৰায় ১মান বজাত বোকাজান আৰক্ষী চকীৰ অন্তৰ্গত অমৰাজানৰ এটা কেঁকুৰিত উক্ত পথ দুৰ্ঘটনা সংঘটিত হয়।
জানিব পৰা মতে AS-09AC-5993 নম্বৰৰ এখন যাত্ৰীবাহী মেজিক বাহনে যাত্ৰী নমাই উভতি আহোঁতে 39নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা এজোপা গছত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।
ফলত বাহনখনৰ সন্মুখ ভাগ সম্পূৰ্ণ ৰূপে বিধ্বস্ত হয় বুলি জানিব পৰা গৈছে ৷ উক্ত দূৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে মেজিক চালকৰ ৷ প্ৰত্যক্ষ দৰ্শীৰ ভাষ্য অনুসৰি চালকজনৰ মুখ মুখমণ্ডলত গুৰুতৰ ভাৱে জখম প্রাপ্ত হৈছে।













