![]()
বোকাজান নগৰৰ মাজমজিয়াত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP)কাৰ্বি আংলং জিলা সমিতিৰ এটি স্থায়ী কাৰ্যালয় ‘জননায়ক চেমচনছিং ইংতি সোঁৱৰণী ভৱন‘ আৰু এটা পুথিভঁৰালৰ শুভ উদ্বোধন কৰা হয়। কাৰ্বি আংলং জিলাৰ বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে ফিটা কাটি কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে।

আনহাতে, কাৰ্যালয় চৌহদতে যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত স্থাপন কৰা পুথিভঁৰালটোৰ শুভ উদ্বোধন কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে।
উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ছাত্ৰ সংগঠনটোৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰদান কৰা ভাষণত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে প্ৰযুক্তিনিৰ্ভৰ বিনোদন সামগ্ৰীৰ ক্ৰমবৰ্ধমান চাহিদাৰ মাজত বোকাজানত স্থাপিত হোৱা এই পুথিভঁৰালটোৱে সকলো বয়সৰ লোকৰ মাজত গ্ৰন্থৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ সক্ষম হʼব বুলি আশা প্ৰকাশ কৰে।

শেহতীয়াকৈ কাৰ্বি আংলঙত দ্ৰুত উন্নয়ন সূচনা হোৱা বুলি উল্লেখ কৰি ভৱিষ্যতৰ প্ৰজন্মৰ মাজত কোনো কাৰণতে উগ্ৰপন্থাক প্ৰশ্ৰয় দিয়া নহʼব বুলি মন্তব্য কৰে।

অসমৰ ছাত্ৰ সংগঠনসমূহক ৰাজপথৰ আন্দোলনৰ পৰিৱৰ্তে বৌদ্ধিক আন্দোলনৰ সূচনা কৰাৰ বাবে আহ্বান জনায়। বোকাজানত আজি মুকলি হোৱা পুথিভঁৰালৰ প্ৰয়োজনীয় গ্ৰন্থ ক্ৰয়ৰ বাবে উপাধ্যক্ষ গৰাকীয়ে এক লাখ টকাৰ সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে।
অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি প্ৰদান কৰা ভাষণত বিশিষ্ট লেখক পৱিত্ৰ বৰাই এটা জাতি জীয়াই থকাৰ বাবে ভাষাৰ ভূমিকা আৰু গুৰুত্ব সম্পৰ্কে সাৰগৰ্ভ ভাষণ আগবঢ়ায়।
উক্ত সভাতে পদ্মশ্ৰী ধনেশ্বৰ ইংতি, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, লেখক পৱিত্ৰ বৰাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।













