![]()
অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত ড্ৰাগছ সহ আটক দুই সৰবৰাহকাৰী।

জানিব পৰা মতে, বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰা, উপ-পৰিদৰ্শক ৰাজীৱ বৰা, উপ-পৰিদৰ্শক নিতুল শইকীয়াৰ সহযোগত খটখটী আৰক্ষী, বোকাজান শিৱিৰৰ চিআৰপিএফ আৰু কমাণ্ডো বাহিনীৰ এটা যুটীয়া অভিযানকাৰী দলে চলাইছিল এই অভিজান।

খটখটী থানাৰ অন্তৰ্গত জনকপুখুৰী এলেকাত চলোৱা এই অভিযানত আৰক্ষীৰ দলটোৱে দহটা চাবোনৰ বাকচত লুকুৱাই থোৱা ৫০ লাখ টকাৰ ১০০ গ্ৰাম হেৰ’ইনৰ লগতে মহিলা সহ দুই সৰবৰাহকাৰীক আটক কৰে।

ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে খটখটী পকা ফিল্ডৰ নুৰ উদ্দিন (৪৬) আৰু খটখটী গৌতম বস্তিৰ অনিতা গগৈ (৩৭) বুলি চিনাক্ত কৰা হৈছে













